পেট্ৰল-ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিয়ে হতাশাগ্ৰস্ত কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক

 07/20/2021 - 11:49

 

গোলাঘাটঃ দৈনিক অত্যাধিক হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল ডিজেলৰ মূল্য। যাৰ বাবে এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে সৰ্বসাধাৰণ ৰাইজৰ। উপায়হীন হৈ পৰিছে সকলো। ক'ৰনা মহামাৰীৰ সন্ত্ৰাস আৰু লকডাউনে এনেও মানুহক কৰ্মহীন কৰি তুলিছে, তাৰ মাজতে আকৌ বছৰৰ ভাত মুঠি যোগাৰ কৰিবলৈও তেলৰ দাম বৃদ্ধি হোৱাত পথাৰত ট্ৰেক্টৰ চলাবলৈ বিমুখ হৈ পৰিছে খেতিয়ক ৰাইজ।

আজি সৰুপথাৰত প্ৰতি লিটাৰ ডিজেলৰ মূল্য 89.66 টকা আৰু প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 98.11 টকা। মুঠৰ ওপৰত সকলো ফালৰ পৰা সৰ্বসাধাৰণ ৰাইজেই দুৰ্ভোগ ভূগিব লগা হয়। সেয়েহে চৰকাৰক সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল ডিজেলৰো মূল্য হ্ৰাস কৰিবলৈ জনসাধাৰণে অনুৰোধ জনাইছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।