কৰ’ণাই বিপদত পেলালে জামুগুৰিহাটৰ বাছ মালিকসকলকঃ ঘৰতে মামৰে ধৰিছে বহুলাখ টকাৰ গাড়ী

 07/20/2021 - 12:26

 

জামুগুৰিহাটঃ কৰ’ণা ভাইৰাছৰ ফলত আজি দুবছৰ ধৰি সাধাৰণ জনজীৱন প্ৰায় স্তব্ধ হৈ পৰিছে। কি সাধাৰণ খাটি খোৱা লোকসকল কি বাছ মালিকসকল। অসমৰ অসমীয়াৰ হাতত থকা একমাত্ৰ এই ব্যৱসায়তো মৰো মৰো অৱস্থা। বহু নিবনুৱা যুৱকে বেংকৰ ঋণ লৈ একোখন বহু লাখ টকা মূল্যৰ বাছ কিনিছিল, কিন্তু আজি দুটা বছৰে কৰ’ণা মহামাৰীৰ বাবেই ঘৰতে সেই লাখ লাখ টকাৰ বাছসমূহ পেলাই ৰাখিব লগীয়া হৈছে।

গুৰুত্বপূৰ্ণ বিষয়তো হ'ল এখন বাছৰ লগত তিনিটা পৰিয়াল জড়িত হৈ আছিল জামুগুৰিহাটৰ বাছ মালিক, বাছ চালক, হেণ্ডিমেন সকল। কিন্তু এতিয়া যিহেতু দুটা বছৰে এই বাছ সমূহ চলিব পৰা নাই এই তিনিওটা পৰিয়াললৈ বিপদ মাতি আনিছে। আনহাতে দুটা বছৰে বাছসমূহ নাই চলা যদিও বিভিন্ন চৰকাৰী টেক্স আৰু গাড়ীৰ মাহিলি ইনষ্টলমেণ্ট আদি দি থাকিবলগা হৈছে। এতিয়া বাছ মালিক সকলৰ চৰকাৰৰ প্ৰতি অনুৰোধ যে বিভিন্ন চৰকাৰী টেক্সৰ পৰা যাতে তেওঁলোকক মুক্ত কৰে আৰু কিছু সাহাৰ্য্য প্ৰদান কৰি জীয়াই থকাত সুবিধা কৰি দিয়ে।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।