মৰিয়নীত ক’ভিড প্ৰটকলৰ সকলো নীতি-নিয়ম ভৰিৰে মোহাৰী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নৃত্য

 07/20/2021 - 13:14

 

মৰিয়নীঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাচতেই যোৱাকালি মৰিয়নিত উপস্থিত হৈছিল ৰাজ্যৰ শক্তি মন্ত্ৰী বিমল বৰা। মৰিয়নিৰ সমষ্টিৰ চাহ-বাগিচাৰ শ্ৰমিকে দীর্ঘ‌দিন ধৰি বিদ্যুতৰ মাচুলকলৈ এক বৃহৎ সমস্যাৰ সন্মুখীন হৈ থকাৰ বিষয়ে ৩০খন বাগিছাৰ প্ৰতিনিধিৰ লগত এক আলোচনাত মিলিত হৈছিল৷

অনাদায় হৈ থকা বিদুৎ মাচুল সম্পৰ্কে মুখ্যমন্ত্ৰীৰ হৈতে আলোচনা কৰি সমস্যা মীমাংসা কৰাৰ প্ৰতিশ্ৰুতি দিছিল তাৰ পাছতে আজি চৰকাৰে বিদুৎ মাচুল ৰেহাই দিয়াৰ বিষয়ে ঘোষণা কৰাৰ লগে লগেই সোমবাৰে মৰিয়্নীৰ সোনোৱাল চাহ-বাগিছাৰ ৰাইজে উৎফুল্লিত হৈ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগত নাচি বাগি আনন্দ প্ৰকাশ কৰে, যি সময়ত ক’ভিড‌ সংক্ৰমণৰ বাবে নিতৌ নতুন নতুন SOP জাৰি কৰি সাধাৰণ জনতাক ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছে তেনে সময়তে শাসকীয় দলৰ এজন নেতাৰ এনে কাষ ই চকু কপালত তুলিছে সচেতন মহলৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।