ধোঁৱাচাঙত এমজিএনৰেগা আঁচনিঃ গেৰাভিটা গাঁও পঞ্চায়তত ৰাস্তা নিৰ্মাণৰ কামত বিয়াগোম দুৰ্নীতি

 07/20/2021 - 15:04

 


নিউজ ডেস্কঃ দুৰ্নীতি অনিয়ম শূন্য সহনশীলতা প্ৰতিশ্ৰুতি দি বিজেপিয়ে দ্বিতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। কিন্তু বিজেপিৰ প্ৰতিশ্ৰুতি কেৰেপ নকৰি ধুবুৰী জিলাৰ চাপৰ শালকোচা উন্নয়ন খণ্ডৰ অন্তৰ্গত গেৰাভিটা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা অনিতা নাথে MGNREGA আঁচনি ৰাস্তা নিৰ্মাণ কামত বিয়াগোম দুৰ্নীতি অনিয়ম কৰি আহিছে।

জানিব পৰা মতে গেৰাভিটা গাঁও পঞ্চায়তৰ (২০২০-২১) বিত্তীয় বৰ্ষ MGNREGA আঁচনিৰ ৬ (ছয়) লাখ ৫৭ হাজাৰ পাঁচশ দুই টকা ব্যয় সাপেক্ষে মহিষবাথান গাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চকচকা কালভাৰ্ট লৈ এগ্ৰীল বান্ধ নিৰ্মাণত মাত্ৰ এক লাখ টকাৰ পৰা ডেৰ লাখ টকা কাম কৰি ইঞ্জিনিয়াৰ,জে আৰ এচৰ সহযোগত সমুদায় ধন আত্মসাৎ কৰিছে। এয়াই নহয় আঞ্চলিক সদস্যা গৰাকীয়ে জবকাৰ্ড ক্ষেত্ৰতো ব্যাপক জালিয়াতি কৰি অহা পৰিলক্ষিত হৈছে।

গেৰাভিটা গাঁও পঞ্চায়তৰ হাৰাৰকাটা মুছলিম পাৰা গাঁৱৰ মুক্তাৰ আলীৰ নামৰ চৰকাৰী চাকৰি কৰা ব্যক্তি এজনৰ জবকাৰ্ডৰ জৰিয়তে টকা উঠাই লোৱা বুলি জানিব পৰা গৈছে। দুৰ্নীতি অনিয়ম বন্ধৰ দাবীত ৰাইজে বিভিন্ন শ্ল’গানেৰে অঞ্চলটো পৰিৱেশ উত্তাল কৰি তোলে।এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব?

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।