যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত নতুন অধ্যক্ষ নিযুক্তি

 07/20/2021 - 15:38

 


টীয়কঃ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগৰ সহযোগী অধ্যাপক ড০ অতনু কুমাৰ দত্তক যোৰহাট বিজ্ঞান আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰিছে। দত্তই ১আগষ্টৰ পৰা উক্ত পদত কাৰ্যনিৰ্বাহ কৰিব। যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ বৰ্তমানৰ অধ্যক্ষ ড০ বিবেকানন্দ চৌধুৰীৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠানখনত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰী আৰু আন্ত:গাঠনি উন্নয়নৰ ধনৰ ব্যাপক অনিয়মে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি থকাৰ সময়তে প্ৰতিষ্ঠানখনত নতুন অধ্যক্ষ নিযুক্তি দিছে অসম চৰকাৰে।

অসম চৰকাৰৰ উচ্চ শিক্ষা(কাৰিকৰী) বিভাগৰ অতিৰিক্ত সচিব বনশ্ৰী নাথে যোৱা ১৭ জুলাই তাৰিখে জাৰি কৰিছে এই সন্দৰ্ভত এক নিৰ্দেশনা। অহা ৩১ জুলাইত অৱসৰ গ্ৰহন কৰিব ড০ চৌধুৰীয়ে। উল্লেখযোগ্য যে বৰ্তমানৰ অধ্যক্ষ ড০ চৌধুৰীৰ কাৰ্যকালত বক্ৰ পথৰে নিযুক্তি পোৱা ৯ গৰাকী কৰ্মচাৰীক কাৰিকৰী শিক্ষা সঞ্চালকালয়ে চাকৰিৰ পৰা বৰ্খাস্ত কৰা ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে আন:গাঁথনি উন্নয়নৰ নামত অহা ধন অমল চন্দ্ৰ বৰা নামৰ এজন ঠিকাদাৰৰ সহযোগত উদৰস্থ কৰাৰ অভিযোগ আনি কাকজান আঞ্চলিক ছাত্র সন্থাই উপযুক্ত তদন্তৰ দাবী বিচাৰি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।