চাপৰত ব্ৰাউন চুগাৰসহ দুই সৰবৰাহকাৰীক আটক

 07/20/2021 - 16:05

 

 চাপৰঃ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চাপৰত আজি ১০ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় চাপৰ আৰক্ষী।

জানিব পৰা মতে চাপৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰনৱ দলে এক গোপন সুত্ৰৰ পোম খেদি গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে আহি থকা AS01EC 5274 নম্বৰৰ বাছ এখন চাপৰ বহলপুৰত ৰখাই তালাচী চলোৱাত ধৰা পৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰৰ।

আটক দুই সৰবৰাহকাৰী ক্ৰমে ধুবুৰীৰৰ তামাৰহাটৰ ৰহমান সেখ আৰু আদাবাৰীৰ সাহিদুৰ ৰহমান বুলি জানিব পৰা গৈছে। উল্লেখ্য যে চাপৰ আৰক্ষীৰ সফলতাক বহুতেই আদৰণি জনোৱাৰ পৰিলক্ষিত হয়।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।