নতুন জীৱন দিলে মুখ্যমন্ত্ৰীয়ে, জামুগুৰিহাটৰ প্ৰবীন চলচিত্ৰ অভিনেতা তথা নটসূৰ্য ফণী শৰ্মা বঁটাপ্ৰাপক ভোলা কটকীক

 07/20/2021 - 17:23

 

জামুগুৰিহাটঃ হঠাৎ অসুস্থ হৈ পৰা জামুগুৰিহাটৰ প্ৰবীন চলচিত্ৰ অভিনেতা তথা নটসূৰ্য ফণী শৰ্মা বঁটাপ্ৰাপক ভোলা কটকীয়ে অসম চৰকাৰৰ তৰফৰ পৰা চিকিৎসাসেৱা লাভ কৰাৰ অন্তত কিছু আৰোগ্য লাভ কৰি সংগীয়া মাজৰ চুকস্থিত স্ব-গৃহত উপস্থিত হৈ ড° হিমন্ত বিশ্ব শৰ্মাক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে৷ জি এম চি এইচত মুখ্যমন্ত্ৰীৰ বিশেষ তৎপৰতাত নতুন জীৱন লাভ কৰিলে বুলি উল্লেখ কৰি শিল্পীগৰাকীৰ লগতে পৰিয়ালবৰ্গই অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ, স্বাস্থ্য বিভাগ, চলচিত্ৰ নিগম, বিধায়ক পদ্ম হাজৰিকা, শোণিতপুৰ জিলা প্ৰশাসন, ৰাজ্যৰ সকলো শুভাকাংক্ষীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৰাজ্য চৰকাৰখনৰ দীৰ্ঘায়ু কামনা কৰে৷

উল্লেখ্য যে বিগত মাহৰ ১৯ তাৰিখে নিশা হঠাৎ জনতাৰ শিল্পীগৰাকী নিজ বাসগৃহতে অসুস্থ হৈ পৰাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল চিকিৎসকে৷ শিল্পীগৰাকীৰ অসুস্থতাৰ খৱৰ লাভ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চৰকাৰীভাৱে শিল্পীগৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰোৱাৰ নিৰ্দেশ প্ৰদান কৰি শিল্পীগৰাকীক আৰোগ্য কৰি নতুন জীৱন প্ৰদান কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।