জামুগুৰিহাটৰ শিল্পী তথা কবি অৰুপ শইকীয়াৰ ব্যতিক্ৰমী পদক্ষেপঃ অসমীয়া থলুৱা পৰম্পৰাগত এক হেমাপদ্ম নামাকৰণৰে মস্কোৰ আৰ্হিত তিনিমহলীয়া বাসগৃহ নিৰ্মাণ

 07/20/2021 - 17:39

 


জামুগুৰিহাটঃ শোণিতপুৰৰ জামুগুৰিহাটৰ শিল্পী, কবি তথা বিদেশত ইংৰাজী ভাওনাৰে চৰ্চিত অৰুপ শইকীয়াই বাঁহ, কাঠ আৰু কনক্ৰিয়েটৰে সাজি উলিয়াইছে এটা বিশেষ ধৰনৰ তিনিমহলীয়া ঘৰ। যোৱা বৰ্ষৰ লকডাউনৰ সময়তে আৰম্ভ কৰি এতিয়া নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱা ঘৰটোত বাঁহ, কাঠৰে অসমীয়া থলুৱা কাৰুকাৰ্য ভালদৰে প্ৰতিফলিত হোৱা দেখা গৈছে। যি আজিৰ প্ৰজন্মৰ মাজৰ পৰা হেৰাই যাব ধৰিছে। ঘৰটো তেখেতৰ পিতৃ-মাতৃৰ নামেৰে হেমাপদ্ম আলয় নাম দিয়া হৈছে।

দেশে বিদেশে ইংৰাজী ভাওনা কৰি জনপ্ৰিয়তা অৰ্জন কৰা অৰুপ শইকীয়াই জানিবলৈ দিয়ে যে, প্ৰবাসী পৰ্য্যটক বা শিল্পীক অসমৰ থলুৱা উন্নত কাৰিকৰী বিদ্যা দেখাবৰ কাৰনে ঘৰটো সজা হৈছে। অসমত সহজতে উপলব্ধ বাঁহৰ গুনগত মান বিশ্ববন্দিত।

ঘৰটোৰ প্ৰথম মহলাৰ চিৰিটো বাঁহৰে নিৰ্মিত আৰু তৃতীয় মহলালৈ যোৱাটো কাঠৰ। তৃতীয় মহলাটো ষ্টুডিঅ' হিচাপে ব্যৱহাৰ কৰা হব বুলি আমাক জানিবলৈ দিয়ে। মস্কোৰ (Moscow) আৰ্হিত অসমীয়া থলুৱা কাৰুকাৰ্যৰ সংমিশ্ৰণৰে গঢ় লৈ উঠা ঘৰটো সচাঁয়ে এক আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে জামুগুৰিহাটৰ সংগীয়ামাজৰ চুকত।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।