ৰঙিয়া ৰে’ল ষ্টেচনত মানৱ সৰবৰাহকাৰী এগৰাকী মহিলাসহ ১৫ গৰাকীকৈ ব্যক্তিক উদ্ধাৰঃ ন্যায়ালয়ত হাজিৰ

 07/20/2021 - 18:57


 

ৰঙিয়াঃ ৰঙিয়া ৰে’ল ষ্টেচনত মঙলবাৰে জি,আৰ,পি,এফয়ে মানৱ সৰবৰাহকাৰী এগৰাকী মহিলাক আটক কৰাৰ উপৰিও ১৫ গৰাকীকৈ ব্যক্তিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৰে’ল আৰক্ষীয়ে মুঠ ১৫ গৰাকী ব্যক্তিক আটক কৰাৰ পিচত জি, আৰ, পি, এফক হস্তান্তৰ কৰে। মানৱ সৰবৰাহকাৰীৰ লগত জৰিত মহিলা গৰাকীৰ লগতে ১৫ গৰাকী ব্যক্তিক পিচত আৰক্ষীয়ে ৰঙিয়া ন্যায়িক আদালতত হাজিৰ কৰে।

ঘটনা সন্ধৰ্ভত জানিব পৰামতে তেজপুৰ বিন্দুগুৰীৰ ব্যক্তি কেইজনে ৰঙাপাৰা ৰে’ল ষ্টেচন লাচিত এক্সপ্ৰেছ নামৰ ৰে’ল গাড়ীখনৰে ৰঙিয়ালৈ আহে। ৰঙিয়াৰ ষ্টেচনত উপস্থিত হৈয়ে ব্যক্তি কেইজনে মোম্বাইলৈ যাত্ৰাৰ বাবে ৰঙিয়া ৰে’ল ষ্টেচনত উজনিমূৱা দাদৰ এক্সপ্ৰেছ নামৰ ৰে’ল গাড়ীখনত অপেক্ষাত থাকে। সেই সময়তে ষ্টেচনত তহলদি থকা আৰ,পি,এফৰ দল এটাই ব্যক্তি কেইজনক সোধপোচ কৰাত তেওঁলোকে কৰ্মৰ সন্ধানত মোম্বাইলৈ যাবলৈ অহা বুলি কয়।

দলটোৰ প্ৰতি সন্দেহ হোৱাত আৰক্ষীয়ে কেইগৰাকীকে আবদ্ধ কৰাৰ উপৰিও দলটোৰ ভিতৰত থকা মানৱ সৰবৰাহকাৰী বুলি সন্দেহ কৰা তেজপুৰৰ ডেকা চুবুৰীৰ চাবিনা নায়ক নামৰ মহিলাগৰাকীক আটক কৰে। চাৰি গৰাকী কিশোৰী, দুজন কিশোৰ থকা দলটোৰ আটাইকেইজন ব্যক্তিকে আৰ,পি, এফয়ে সোধপোচ কৰি জি,আৰ,পি,এফক গতাই দিয়ে। জি,আৰ,পি,এফয়ে প্ৰাথমিক তদন্ত কৰি ৰঙিয়া ন্যায়িক আদালতত হাজিৰ কৰায়। ইফালে মানৱ সৰবৰাহকাৰীৰ হাতৰ পৰা উদ্ধাৰ হোৱা আটাই কেইজনকে পৰিয়ালৰ লোকক গতাই দিয়াৰ ব্যৱস্থা কৰাৰৰ বিপৰিতে মুল নায়ক চাবিনা নায়ক নামৰ মহিলা গৰাকীক আটক কৰিছে আৰক্ষীয়ে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।