হোজাই জিলাৰ কোন কোন ঠাইত চলিছে অবাধ ক’লা বেহাঃ এটি সংবাদ মেলৰ যোগেদি পোহৰলৈ আহিছে ন ন তথ্য

 07/21/2021 - 12:45

হোজাইঃ হোজাই জিলাৰ আগ্ৰামী মালবাহী ট্ৰাক ড্ৰাইভাৰ ইউনিয়নৰ সাধাৰণ সম্পাদক নিজাম উদ্দীনে সদৰী কৰিছে এই অবাধ ক’লা বেহাৰ তথ্য। সম্পাদক নিজাম উদ্দীনৰ মতে জিলাখনৰ বহু উচ্চ পদস্থ বিষয়াও ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে এই কলা বেহাৰ লগত।

তেওঁৰ মতে জিলাৰ একাংশ দুখীয়া দৰিদ্ৰ লোকৰ বাবে এই সকল উচ্চপদস্থ বিষয়াৰ ওচৰত কোনো অভিযোগ নচলে। উদাহৰণস্বৰূপে 2018 চনৰ পৰা আৰম্ভ কৰি 2020 বৰ্ষৰ পৰ্য্যন্ত দাখিল কৰি অহা এই সকল তথ্য। এতিয়া প্ৰশ্ন উত্থাপিত হয় যে কাৰ ছত্ৰছায়াত চলাই গৈছে এই সমূহ কলা বেহাৰ। দুৰ্নীতি মুক্ত জিলা হিচাপে গঢ় দিব পাৰিব নে হোজাই প্ৰশাসনে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।