কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক'ভিড ভেকচিন প্ৰদান কৰি থকা চিকিৎসা কৰ্মীসকলক সম্বৰ্ধনা যুৱ ছাত্ৰ পৰিষদৰ

 07/21/2021 - 14:31


 

 

কাকপথাৰঃ কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক'ভিড ভেকচিন প্ৰদান কৰি থকা চিকিৎসা কৰ্মীসকলক সম্বৰ্ধনা জনায় অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ সংগঠনটোৰ কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি ভেকচিন প্ৰদান কৰি থকা চিকিৎসা কৰ্মীসকলক ফুলাম গামোছা, এটি খাদ্যৰ টুপোলা আগবঢ়াই সম্বৰ্ধনা জনোৱাৰ লগতে সেৱা আগবঢ়াই যোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ উক্ত কাৰ্যসূচীত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক সুৰজিৎ মৰাণ, জিলা সমিতিৰ উপ সভাপতি সোণমনি চলিহাকে ধৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে৷  

 

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।