ৰঙিয়াত ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা টকাৰ বাকচ কাঢ়ি নিয়া কুখ্যাত অপৰাধী মোজাম্মিল হ'কক আটক

 07/21/2021 - 15:56

 

ৰঙিয়াঃ বাক্সা আৰু কামৰূপ জিলাত কেইবাটাও অপৰাধজনিত ঘটনাৰ লগত জৰিত কুখ্যাত অপৰাধী মোজাম্মিল হ'কক ৰঙিয়া আৰক্ষীয়ে অৱশেষত আটক কৰিবলৈ সক্ষম হয়। সোমবাৰে নিশা কুমাৰীকাটাৰ বাহবাৰীৰ পৰা কুমাৰীকাটা আৰক্ষীৰ সহযোত ৰঙিয়া আৰক্ষীয়ে অপৰাধী জনক আটক কৰে। ৰঙিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিল মৰাণে জানিবলৈ দিয়ামতে প্ৰায়ে ব্যৱসায় প্ৰতিষ্ঠান সমুৰ টকাৰ বাকচক লক্ষ্য কৰি লোৱা মোজাম্মিল হ'ক নামৰ অপৰাধীজনে ৰঙিয়া বজাৰত এসপ্তাহৰ ভিতৰতে দুটাকৈ এনেকাম সংঘটিত কৰিছিল।

এসপ্তাহ পূৰ্বে ৰঙিয়াৰ গেলামালৰ দোকানী জিনজাৰী শৰ্মাৰ দোকানৰ পৰা টকাৰ বাকচ লৈ উধাও হোৱাৰ উপৰিও তিনিদিন পূৰ্বে মহেশ শৰ্মা নামৰ আন এজন গেলামালৰ দোকানীৰ পৰা টকাৰ বাকচলৈ উধাও হৈছিল এইজন অপৰাধীয়ে। মহেশ শৰ্মাই এই সম্পৰ্কে ৰঙিয়া আৰক্ষীক অলগত কৰাত আৰক্ষীয়ে দোকানৰ চি চি টিভিৰ ফুটেজ সংগ্ৰহ কৰে।

সেইমতে ৰঙিয়া আৰক্ষীয়ে অভিযান জলাই কুখ্যাত অপৰাধীজনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ইতিমধ্যে আটকাধিন অপৰাধী জনৰ ঘৰৰ পৰা এক লাখ এক হেজাৰ ৬০ টকা উদ্ধাৰ কৰাৰ লগতে টকাৰ বাকচ এটাও উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা বাকচটোৰ পৰা মাত্ৰ এক হেজাৰ এশ ২০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও কেইবাখনো এটিএম কাৰ্ড উদ্ধাৰ কৰে আৰক্ষীয়ে। উল্লেখযোগ্য যে বাক্সা আৰু কামৰূপত অপৰাধজনিত কামকৰি সন্ত্ৰাস চলাই থকা মোজাম্মিল হ'কক আটক কৰাত সকলোৱে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক কৃতজ্ঞতা প্ৰকাশ কৰিছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।