জামুগুৰিহাটৰ শান্তিপুৰ গাঁৱত পুখুৰীত পিচলি পৰি মহিলাৰ মৃত্যু

 07/21/2021 - 16:35

 

 

জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শান্তিপুৰ গাঁও নিৱাসী তথা আশাকৰ্মী প্ৰেম' ভূঞাঁৰ মৃতদেহ আজি পুৱা এটা পুখুৰীত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণি অনুযায়ী আন দিনাৰ দৰে আজিও প্ৰেম' ভূঞাঁই প্ৰাতঃভ্ৰমন কৰি আহি ঘৰৰ সন্মুখতে থকা পুখুৰীত মাছৰ দানা দিবলৈ ধৰোতে পিচলি পৰি মৃত্যুক সাৱতি লয়৷ মাছক দানা দি থকা অৱস্থাত হৎঠাত পিছল খাই পানীত পৰি প্ৰেম' ভূঞাঁৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে মন্তৱ্য কৰে৷

পুৱা চুবুৰীয়া এগৰাকী মহিলাই পথাৰত গৰু দিবলৈ আহি এই ঘটনা প্ৰত্যক্ষ কৰে আৰু পৰিয়ালৰ লোকক খৱৰ দিয়াতহে প্ৰেম' ভূঞাঁৰ মৃত্যু হোৱা বুলি অবগত হয়৷ পাচত স্থানীয় ৰাইজৰ খৱৰৰ ভিত্তিত জামুগুৰি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ প্ৰেম' ভূঞাঁৰ আকস্মিক বিয়োগত সমগ্ৰ শান্তিপুৰত শোকৰ ছাঁ পৰিছে৷ মৃত্যুৰ সময়ত প্ৰেম' ভূঞাঁই দুগৰাকী পুত্ৰ আৰু দুগৰাকী কণ্যা ইহ সংসাৰত এৰি থৈ যায়৷

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।