যোৰহাট জিলাৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তসমূহ এতিয়া যেন সোণৰ কণী পৰা হাঁহ

 07/21/2021 - 17:14

 

টীয়কঃ যোৰহাট জিলাৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তসমূহ এতিয়া হৈ পৰিছে দুৰ্নীতিগ্ৰস্থ বিষয়াৰ সোণৰ কণী পৰা হাঁহ। পঞ্চায়ত সমূহৰ বাবে আবন্টিত উন্নয়ন পুঁজি সমূহৰ টকা চান কাঢ়ি খাই একাংশ পঞ্চায়ত সচিব আৰু সভাপতি নোদোকা হোৱাৰ পিছত এইবাৰ স্বয়ং খণ্ড উন্নয়ন বিষয়া অজয় গগৈয়ে চিন্তামণিগড় পঞ্চায়তৰ সচিব বিজন্ত বৰঠাকুৰৰ সৈতে লগ লাগি পঞ্চায়তখনৰ চতুৰ্দশ বিত্তীয় আয়োগৰ 1 লাখ 74 হাজাৰ 929 টকা কৌশলেৰে একাউণ্টৰ পৰা ওলিয়াই পকেটত ভৰোৱাৰ পৰিকল্পনা কৰে। কিন্তু কপাল বেয়া আছিল খণ্ড উন্নয়ন বিষয়া অজয় গগৈ আৰু সচিব বিজন্ত বৰঠাকুৰৰ।

দুয়োজন ধুৰন্ধৰ বিষয়াৰ এনে পৰিকল্পনাৰ বিষয়ে জানিব পৰা পঞ্চায়ত খনৰ উপ সভানেত্ৰী আৰু ৱাৰ্ড সদস্য সকল একগোট হৈ আইনৰ কাষ চাপিব বুলি ভাবুকি দিয়াৰ পিছতে টকা ঘূৰাই দিবলৈ বাধ্য হয় দুই গৰাকী চৰকাৰী বিষয়াই। উল্লেখ্য যে পঞ্চায়তখনৰ সভাপতি গৰাকী শেহতীয়াকৈ শিক্ষক হিচাপে নিযুক্তি লাভ কৰাত খণ্ড উন্নয়ন বিষয়া আৰু পঞ্চায়ত সচিবৰ যুটীয়া স্বাক্ষৰত পঞ্চায়তৰ বিত্তীয় লেনদেন সম্পন্ন হৈছিল। সেই সুযোগ গ্ৰহণ কৰিয়ে বহু বিতৰ্কিত সচিব বিজন্ত বৰঠাকুৰ আৰু নতুনকৈ যোগদান কৰা খণ্ড উন্নয়ন বিষয়া অজয় গগৈয়ে এনেদৰে পুঁজি আত্মসাৎ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উঠিছে।


মনকৰিবলগীয়া যে পঞ্চায়ত কাৰ্যালয়ৰ বাবে লেপটপ, ইনভাৰ্টাৰ আদি ক্ৰয় কৰা দেখুৱাই বৃহত পৰিমাণে টকা আত্মসাৎ কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হৈ যোৱা 20 জুলাইত বিষয়া দুগৰাকীয়ে একাউণ্টৰ পৰা উলিওৱা টকাতকৈ বেছি টকা জমা কৰা কাৰ্যই এতিয়া সৃষ্টি কৰিছে ৰহস্যৰ।ইফালে পঞ্চায়ত সচিব বিজন্ত বৰঠাকুৰে ৱাৰ্ড সদস্য সকলৰ লগত কোনো আলোচনা নকৰাকৈ বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ অভিযোগ কৰিছে সদস্য সকলে। পঞ্চায়ত পুঁজি হৰলুকি কৰাৰ পৰিকল্পনা কৰা খণ্ড উন্নয়ন বিষয়া আৰু সচিবৰ বিৰুদ্ধে সদস্য সকলে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াক অভিযোগ দিয়াৰ পিছত সংশ্লিষ্ট বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আইনৰ কাষ চাপিব বুলি জানিবলৈ দিছে সদস্য সকলে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.