বিধৱাৰ প্ৰেমত পৰি প্ৰেমিকৰ ভয়ংকৰ কাণ্ডঃ সামান্য কথাৰ কটাকটিত কাটি পেলালে প্ৰেমিকাৰ কাণ

 07/21/2021 - 18:00

 

 

কামপুৰঃ "তাই প্ৰতিশ্ৰুতি দিছিল মোৰ লগতে বিয়া হম বুলি। "তাই মৰি গ’লে মই মৰি যাম! মুছলমানে যদি কেইবাজনী বিয়া কৰাব পাৰে হিন্দুৱে নোৱাৰে কিয়? এইয়া এজন প্ৰেমিকৰ প্ৰেমিকাক কোৱা কেইটামান বাক্য। মান অভিমান অবিহনে প্ৰেম হেনো আধৰুৱা। এই হাল প্ৰেমিক-প্ৰেমিকাৰ মাজতো আছিল মান অভিমান। এই মান অভিমানেই আজি চূড়ান্ত ৰূপ লয় প্ৰেমিক-প্ৰেমিকাৰ মাজত। প্ৰেমিকে কাটি দিয়ে প্ৰেমিকাৰ কাণ। ঘটনাটো কামপুৰৰ কচুৱাৰ লুতুমাৰীৰ।

প্ৰেমত ঘূৰিছে ভূ-মণ্ডল; প্ৰেমত ফুলিছে শতদল। কিন্ত এই প্ৰেমৰ বাবেই নগাঁৱৰ কামপুৰৰ কচুৱাৰ লুটুমাৰীৰ এগৰাকী মহিলাৰ কাণ কটা গল। উল্লেখ্য যে লুটুমাৰীৰ শংকৰপুৰৰ চাৰি সন্তানৰ এগৰাকী বিধৱা মহিলা প্ৰেমত পৰিছিল মাধৱপুৰৰ কানাইলাল নামৰ এজন পঞ্চাছৰ উদ্ধৰ পুৰুষৰ লগত। মহিলা গৰাকীৰ স্বামীৰ মৃত্যুৰ পিছত কানাইলালৰ লগত প্ৰেমে গভীৰ ৰূপ লয়।

এদিন দুদিনকৈ প্ৰেমে দুবছৰ পাৰ হল। আজি মহিলা গৰাকী গৈছিল পথাৰত কাম কৰিবলৈ। তাতে লগ কৰিব যায় কানাইলালে। পথাৰৰ নিৰ্জনতাত দুয়ো কিছু সময় কথাও পাতে। কিন্ত হঠাৎ দুয়োৰে মাজত কোনো কথাত মতানৈক্য হয়। এটা সময়ত এই মতানৈক্যই অন্যৰূপ লয়। কানাইলালে মহিলাগৰাকীক মূৰত আঘাট কৰাৰ লগতে এখন কাণ কাটি দিয়ে। অতি গুৰুতৰভাৱে আহত হোৱা মহিলা গৰাকী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইফালে স্থানীয়লোকে কানাইলালক কচুৱা আৰক্ষীক গতাই দিয়ে।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।