তিনিচুকীয়া শদিয়াৰ ধলা আৰক্ষী থানাৰ অন্তৰ্গত মিলনপুৰ চাপৰিত দলবদ্ধ আক্ৰমণত এজন লোকৰ মৃত্যু, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

 07/22/2021 - 14:39

 

 কাকপথাৰঃ তিনিচুকীয়াৰ শদিয়া আৰক্ষী অধীক্ষক জিলা অধীনৰ ধলা আৰক্ষী থানাৰ অন্তৰ্গত মিলনপুৰ চাপৰিত যোৱা ইং ২০ জুলাই তাৰিখে দিনৰ ভাগত দলবদ্ধ আক্ৰমনত বিপিন চৰকাৰ (২৮) নামৰ এজন যুৱকৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শেহতীয়াকৈ জানিব পৰা মতে বিপিন চৰকাৰ নামৰ যুৱকজনে ঘৰৰ ওচৰৰ মানিক বিশ্বাসৰ প্ৰথমা কণ্যাৰ লগত প্ৰেমৰ সম্পৰ্ক থকাৰ সন্দেহত দিনৰ ভাগত বিপিনক পথত গৈ থকাৰ অৱস্থাত মানিক বিশ্বাসে ঘৰত মাতি আনি গৰু গোহালীত বান্ধি গুৰুলা গুৰুলকৈ মাৰপিট কৰাত যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। যুৱকজনক পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও যোৱা কালি দিনৰ ভাগত যুৱকজনৰ মৃত্যু হয়। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো অপৰাধীক আটক কৰিব পৰা নাই।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।