বাক্সাৰ শালবাৰীত কিশোৰী হত্যাৰ ন্যায় বিচাৰি ক’ভিড প্ৰটকলকো আওকাণ কৰি হাজাৰ হাজাৰ পুৰুষ-মহিলাৰ ৰাজপথত উত্তাল প্ৰতিবাদ

 07/22/2021 - 15:58


 

শালবাৰীঃ বাক্সাৰ শালবাৰীত কিশোৰী হত্যাৰ ন্যায় বিচাৰি ক’ভিড প্ৰটকলকো আওকাণ কৰি হাজাৰ হাজাৰ পুৰুষ-মহিলাৰ ৰাজপথত উত্তাল প্ৰতিবাদ৷ হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ এই প্ৰতিবাদ৷

১৯ জুলাইত আওহাটাৰ এটা নৈৰ সুঁতিত উদ্ধাৰ হৈছিল ১৫ বছৰীয়া এগৰাকী কিশোৰীৰ মৃতদেহ৷ ধৰ্ষণ কৰি হত্যাৰ সন্দেহ কিশোৰী গৰাকীক৷ ইতিমধ্যে আৰক্ষীয়ে হত্যাৰ সন্দেহত আটক কৰিছে ফুলো নাথ নামৰ এগৰাকী লোকক৷ আটকাধীন ফুলো নাথ কিশোৰী গৰাকীৰ নিজৰ পেহাক৷ ঘটনাত জড়িত লোকক ফাঁচিৰ দাবী স্থানীয় ৰাইজৰ৷ আৰক্ষীৰ তদন্ত অব্যাহত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।