আত্মবিশ্বাস আৰু একাগ্ৰতাৰ বাবে সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম ধীৰাজ পাটৰৰ

 07/22/2021 - 16:36

 

 

মৰিগাঁওঃ যি সময়ত লকডাউনে ৰাজ্যৰ সাধাৰণ জনতাক কৰ্মহীন, জীৱন যাপনত হেঙাৰ হিচাপে থিয় দিয়া বুলি অভিহিত হৈছিল, ঠিক সেই সময়তে লকডাউনে হাঁহি বিৰিঙালে একাংশৰ মুখত। অযোধ্যাৰ ৰাম মন্দিৰ এইবাৰ সাজি তোলা হৈছে মৰিগাঁৱত। মৰিগাঁৱৰ এজন যুৱকৰ হাতৰ পৰশত গঢ় লৈ উঠিল এই ৰাম মন্দিৰ।

মৰিগাঁও জিলাৰ ২নং গুনামাৰাৰ ভবেন চন্দ্র পাটৰৰ দ্বিতীয় পুত্ৰ ধীৰাজ পাটৰৰ কথা। টেণ্ট হাউছৰ ব্যৱসায়েৰে জীৱন অতিবাহিত কৰা ধীৰাজ পাটৰ লকডাউনৰ বাবে আন বহুতৰ দৰে ঘৰতে অনায়াসে বহি ৰ'ব লগা হৈছিল। আৰু ঠিক সেই সময়তে ধীৰাজে জীৱনৰ সেই নাযায় নোপোৱাই লগা সময়খিনিত বাঁহেৰে সাজি তুলিলে এই সুন্দৰ ৰাম মন্দিৰৰ আকৃতিটো। এই ক্ষেত্ৰত যুৱকজনক উৎসাহ অনুপ্ৰেৰণা যোগাইছিল উজ্জ্বল বৰা নামৰ এগৰাকী ব্যক্তি আৰু তিৱা স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য তথা বৰ্তমানৰ দমাল সমষ্টিৰ সদস্য পৱন মান্তাইয়ো। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।