নব্বৈ দশকৰ ৰেডিঅ’ৰ এক চিনাকী কণ্ঠ আজি অসহায় ৰূপতঃ ম’হ-গৰু প্ৰতিপালনেৰে কটাইছে এক জটিল জীৱন, ৰজাঘৰৰ কোনো আঁচনিয়ে চুব পৰা নাই শিল্পীজনক

 07/22/2021 - 18:58

 

 

টীয়কঃ অসমৰ অনাতাঁৰ সংগীত জগতৰ নব্বৈ দশকত লোকগীত, দিহানাম, টোকাৰী গীত আদি লোক সংগীতেৰে শ্ৰুতাৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হোৱা এজন ব্যক্তি দুৰ্গেশ্বৰ শইকীয়া। যোৰহাট জিলাৰ টীয়কৰ একেবাৰে ভিতৰুৱা ঘোঁৰাচৰাৰ অঞ্চলৰ পৰা নব্বৈ দশকতে সংগীত চৰ্চা কৰি প্ৰথম অবস্থাত যোৰহাট ৰেডিঅ’ আৰু পাছলৈ ডিব্ৰুগড় ৰেডিঅ’ কেন্দ্ৰত বহু বছৰ গীত পৰিৱেশন কৰি ৰাজ্যত লোকসংগীতৰ ক্ষেত্ৰত এক সুকীয়া পৰিচয় দাঙি ধৰিছিল। আজিৰ এই জটিল পৰিৱেশত এইজন লোক শিল্পীয়ে কটাইছে এক জটিল সময়৷

উপাৰ্জনৰ তেনে সবল পথ নথকাৰ বাবেই পৰিয়াল চলাবৰ বাবে ম’হ, গৰু প্ৰতিপালন কৰি সংগ্ৰাম কৰিছে জীৱনৰ৷ ক’ভিডৰ সংক্ৰামনে যি সময়ত সমাজৰ প্ৰতিটো স্তৰৰ মানুহক জোকাৰি গৈছে সেই সময়তে এই সকল লোকশিল্পীকো কোঙা কৰি গৈছে মহামাৰীৰ এইছাটি বতাহে৷ তথাপি চকু নপৰে ৰজাঘৰৰ৷ চৰকাৰৰ কোনো আঁচনিয়েই চুব পৰা নাই এইজন শিল্পীক৷ যি সময়ত চৰকাৰ খনে ৰাজ্যৰ চহা শিল্পী সকলৰ কাষত থিয় দি সহায় কৰাৰ কথা কয়৷ সেই সময়তে দুৰ্গেশ্বৰ শইকীয়াৰ দৰে লোকশিল্পী সকল উপেক্ষিত হোৱাৰ ছবিয়ে বিভাগটোৰ এক ফোপোলা স্বৰূপহে পোহৰলৈ আনিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।