চাপৰত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ এজনক আটক

 07/23/2021 - 12:07

 

 

নিউজ ডেস্কঃ ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান চলি থকা আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে অধিক সষ্টম হৈ পৰিছে পুলিচ প্ৰশাসন। এটাৰ পিছত এটাকৈ নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে চাপৰ আৰক্ষীয়ে। বৃহস্পতিবাৰ দিনা চাপৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই এক গোপন সূত্ৰৰ পমখেদি চাপৰ পাখিৰিতল বজাৰত অভিযান চলাই বাইকসহ এজন নিষিদ্ধ নিচাযুক্ত টেবলেট সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন ব্যৱসায়ীজনৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। আটকাধীন ব্যৱসায়ীজন বঙাইগাঁও জিলাৰ খেলুৱাপাৰা পঞ্চম খণ্ডৰ বাসিন্দা জাহান উদ্দিন বুলি জানিব দিয়ে। বাইকখনৰ নম্বৰ হৈছে UP 14 AV 5317। কিন্তু আৰক্ষীৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন এজন সৰবৰাহকাৰী। ঘটনা সংক্ৰান্তত ইতিমধ্যে আৰক্ষী তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।