নলবাৰী জিলাৰ পশ্চিম আমনি গাঁৱৰ জিতু উদ্দিন আহমেদে সাজি উলিয়ালে এখন কাঠেৰে নিৰ্মিত চাইকেল, যিখন চাইকেল আনবিলাক চাইকেলৰ দৰে সম্পূৰ্ণ কাৰ্য্যক্ষম

 07/23/2021 - 12:29

 

বাহাৰঘাটঃ নলবাৰী জিলাৰ পশ্চিম আমনি গাঁৱৰ জিতু উদ্দিন আহমেদে সাজি উলিয়ালে এখন কাঠৰ চাইকেল। যিখন চাইকেল সম্পূৰ্ণ কাৰ্যক্ষম চলাবও পাৰি। চেষ্টা কৰিলে যে সকলো সম্ভৱ তাকেই প্ৰমাণ কৰি দেখুৱালে জিতু উদ্দিন নাম্ৰ যুৱকজনে। অতি প্ৰতিভাবান যুৱকজনে ইয়াৰ পূৰ্ৱেও বাহ, কাঠেৰে বিভিন্ন ধৰণৰ সামগ্ৰী সাজি উলিয়াই আহিছে।

জানিব পৰা মতে ২০১৬চনৰে পৰা জিতুয়ে পুহি ৰাখিছিল কাঠৰ চাইকেল সজাৰ সপোন। বাৰে বাৰে বিফল হোৱাৰ পিছত আজি সেই সপোন বাস্তৱত ৰূপায়িত হয়। সম্পূৰ্ণ কাঠেৰে সজা হৈছে এই চাইকেলখন। হেহতীয়াভাৱে সামাজিক মাধ্যমত ফটো ভাইৰেল হোৱাৰ পিছত জিতু উদ্দিনৰ চাইকেল চাবলৈ অহাৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।