দুৰ্ঘটনাত ভাগিল একমাত্ৰ পুত্ৰৰ দুয়োখন হাতঃ পুত্ৰৰ চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰি সহায় বিচাৰি দুৰ্ভগীয়া মাতৃৰ ৰাইজলৈ কাতৰ আহ্বান

 07/23/2021 - 13:10

 

শালবাৰীঃ যি সময়ত সমনীয়াৰ সৈতে খেল-ধেমালিৰে জীৱনৰ মধুৰ ক্ষণ পাৰ কৰিব লাগিছিল তেনে সময়তে পৰিয়ালৰ গুৰুদায়িত্ব মূৰ পাতি লৈছিল এইগৰাকী কিশোৰে। ৰুগীয়া পিতৃক সকাহ দিয়াৰ উদ্দেশ্যে আনৰ তামোল-নাৰিকল পাৰি দুপইচা অৰ্জন কৰিছিল এইগৰাকী সনাতন কলিতাই। কিন্তু কণাৰ ভৰি খালত পৰাৰ লেখিয়াকৈ বাক্সাৰ খাৰিজা বিজনীৰ বাৰাপেটা গাঁৱৰ দ্বিজেন কলিতাৰ একমাত্ৰ পুত্ৰ সনাতন কলিতাৰ জীৱনলৈ নামি আহিছিল কাল ধুমুহা।

প্ৰায় তিনিমাহ পূৰ্বে তামোল পাৰিবলৈ গছ এজোপাত উঠোতে তামোল গছজোপা ভাঙি তললৈ পৰে কিশোৰগৰাকী।দুৰ্ঘটনাটোত দুয়োখন হাত ভঙা সনাতন কলিতাক অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যায় পৰিয়ালে।

তাৰ পিছতে দৰিদ্ৰ পৰিয়ালটোৱে গাঁওবাসীৰ সহযোগৰ উপৰিও ঋণ লৈ একমাত্ৰ পুত্ৰৰ ব্যয়বহুল চিকিৎসা কৰে। কিন্তু চিকিৎসাৰ তিনিমাহ উকলি যোৱাৰ পিছতো চিকিৎকে কিশোৰগৰাকীৰ হাড় সঠিকভাৱে যোৰা নলগাটো নিশ্চিত কৰে। যাৰ বাবে পুনৰ অস্ত্ৰোপচাৰৰ জৰিয়তে চিকিৎসা কৰাৰ পৰামৰ্শ দিয়ে চিকিৎসকে।

ইয়াৰ পিছতে সৰগ ভাগি পৰে দৰিদ্ৰ পৰিয়ালটোত ভাত মুঠিৰ বাবে হাহাকাৰ কৰিবলগা হোৱা দৰিদ্ৰ পৰিয়ালটোৱে বহন কৰিব নোৱাৰে পুত্ৰৰ চিকিৎসাৰ ব্যয়বহুল খৰচ। যাৰ বাবে সদাশয় ৰাইজ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ হাত আগবঢ়াবৰ বাবে কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে।

সদাশয় ব্যক্তিয়ে মাতৃ সৰোজীনি কলিতাৰ চেণ্ট্ৰেল বেংকৰ বৰপেটা ৰোড শাখাত থকা একাউণ্ট নম্বৰ: 3918080950 আৰু IFSC: CBIN0283219 ত আৰ্থিক সহায় আগবঢ়াব পাৰে। ইয়াৰোপৰি 60026 60648 নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পাৰে। আপোনালোকৰ কিঞ্চিত সহায়ে দুৰ্ভগীয়া কিশোৰজনৰ লগতে পৰিয়ালটোলৈ বিৰিঙাব পাৰে হাঁহি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।