কৰ্মৰত অৱস্থাত নিৰুদ্দিষ্ট আৰক্ষী জোৱানৰ বিগত ডেৰমাহে নাই কোনো সন্ধান, ক’ত হেৰাল ঋতু বৰা?

 07/23/2021 - 13:37

 


 

টীয়কঃ যোৱা ৪ জুন তাৰিখে কাৰ্বি লাংপি জল বিদ্যুত প্ৰকল্পত কৰ্মৰত অবস্থাত বৈঠালাংছোঁ আৰক্ষী থানাৰ 16 নং IR বেটেলিয়নৰ ঋতু বৰা নিৰুদ্দেশ হোৱা ঘটনা আজি ৪৮ টা দিন উকলি গ’ল কিন্তু আজিও কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে প্ৰশাসনে আৰক্ষী জোৱানজনৰ। ক’ত গ’ল ঋতু বৰা এই লৈ এতিয়া সৰ্বত্ৰে আলোচনা৷ আৰক্ষী প্ৰশাসনে ঋতুৰ অনুসন্ধান চলোৱাৰ কথা কয় যদিও কিন্তু আৰক্ষীৰ এই অনুসন্ধানত অলপো সন্তুষ্ট নহয় ঋতুৰ পিতৃ তথা আত্মীয়সকল৷

উল্লেখযোগ্য যে আৰক্ষী জোৱানজন নিৰুদ্দেশ হোৱা আজি ৪৮ দিন ওকলি গ’ল কিন্তু আজিৰ তাৰিখলৈও বিভাগৰ তৰফৰ পৰা আনুষ্ঠানিকভাবে নিৰুদ্দেশৰ একো খবৰ দিয়া নাই বুলি অভযোগ আনি বহু ক্ষেত্ৰত এই অনুসন্ধান প্ৰক্ৰিয়াটোলৈও এক সন্দেহৰ আঙুলিহে টোৱাই পৰিয়ালৰ লোকে৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ পিতৃৰ আহ্বান যিকোনো প্ৰকাৰে ঘূৰাই আনক ঋতু বৰাক৷

উল্লেখযোগ্য যে জোৱানজনৰ নিৰুদ্দেশৰ দুটা দিনৰ পাছত ঋতু বৰা চাৰ্ভিছ ৰাইফল গুলিসহ আবাসস্থলীৰ পৰা কিছু দূৰৈৰ এখন হাবিত ওলোৱা ঘটনাই বহুতৰ মনত বিভিন্ন প্ৰশ্ন উদয় হৈছে৷ এই সমগ্ৰ ঘটনাটোক লৈ ঋতুৰ জন্মস্থান টীয়কৰ মেলেং লহকৰ গাঁৱত এক চেপা উত্তেজনাই সকলোৰে মনত বিৰাজ কৰিছে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।