দক্ষিণ শালমাৰাৰ পদ্মেৰ আলগা পাৰঘাটত অঘটনঃ কেইবাগৰাকী যাত্ৰীসহ পানীত পৰিল দুখনকৈ বাইক

 07/24/2021 - 13:22

 

 

গৌৰীপুৰঃ বৃহত্তৰ জৰুৱা বন্দিহানা অঞ্চলৰ একমাত্ৰ ব্যস্ত পথ বন্দিহানা মাজেৰচৰ গড়কাপ্তানি পথৰ পদ্মেৰ আলগা পাৰঘাটত আজি পুনৰ ঘটিল অঘটন৷ কেইবাগৰাকী যাত্ৰীসহ দুখনকৈ বাইক পানীত বুৰিল৷ উক্ত পথত থকা নৈ খনত টুলঙা নাৱেৰে বিপদসংকুল যাতায়াত ৰক্ষা কৰিছে ৰাইজে৷ দুবছৰে উক্ত পথত নিৰ্মাণ হৈ আছে পকী দলং৷ কামৰ গতি অতি লেহেমীয়া হোৱাত ৰাইজৰ দুৰ্ভোগ৷

ৰাইজৰ দাবীৰ ভিত্তিত কামৰ দায়িত্বত থকা ঠিকাদাৰে যাত্ৰী পাৰাপাৰৰ বাবে এখন টুলুঙা নাৱৰ ব্যৱস্থা কৰিছে যদিও নাওখন সৰু হোৱাত যাত্ৰীৰ বিলৈ আতৰা নাই ৷ উল্লেখ্য উক্ত ঠাইত থকা পুৰণি কাঠৰ দলংখন ভাঙি দি উক্ত কাঠসমূহ পকী দলং নিৰ্মাণৰ কামত ঠিকাদাৰে ব্যৱহাৰ কৰাত এনেদৰে দুৰ্ভোগ ভুগিছে ৰাইজে৷

কেইদিনমান পূৰ্বেও দুখন বাইক উক্ত স্থানত পানীত পৰিছিল৷ আজিও বাইক দুখন মাজ নদীত নাওঁৰ পৰা বাগৰি পৰাত হুৱা-দুৱা লাগে৷ পিছে ৰাইজে পানীৰ পৰা বাইক দুখন পাৰত তুলিবলৈ সক্ষম হয যদিও বাইকৰ বহু ক্ষয়-ক্ষতি হয়৷ অতি সোনকালে পকী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ ৰাইজে দাবী জনাইছে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।