মৰিয়নীত ক’ভিড-১৯ এ মাতৃহাৰা কৰা সাঁতমহীয়া শিশুক দুগ্ধপান কৰোৱাই মহানুভৱতাৰ পৰিচয় দিলে এগৰাকী মাতৃয়েঃ ডেৰ বছৰৰ বাবে ল'লে দায়িত্ব

 07/24/2021 - 13:36
 
 
 
মৰিয়নীঃমৰিয়নিৰ নাগিনীজান চাহ-বাগিছাত ক’ভিডে মাতৃহাৰা কৰা এটি সাঁতমহীয়া কেঁচুৱাৰ কাষত থিয় দিছে এগৰাকী মাতৃয়ে। যি গৰাকী মাতৃয়ে মাতৃহাৰা শিশুটিৰ লালন পালনৰ দায়িত্ব গ্ৰহণ কৰা লগতে নিজৰ সন্তানৰ দৰে বুকুৰ দুগ্ধপান কৰোৱাই মহানুভৱতাৰ পৰিচয় দিয়া লগতে মাতৃৰ মমতাময়ী ৰূপটোক পুনৰ বাৰ প্ৰতিফলিত কৰি তুলিছে। যোৱা ১৩ জুলাই তাৰিখে নাগিনীজান চাহ-বাগিছাৰ বিমল নায়ক নামৰ লোকজনৰ পত্নী প্ৰীতি নায়ক ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল। আনহাতে মৃত্যুৰ সময়ত প্ৰীতি নায়ক নামৰ মহিলা গৰাকীয়ে এটি সাঁতমহীয়া কেচুৱা এৰি থৈ যায়।
 
পিতৃ তথা পৰিয়ালৰ অন্যান্য সদস্যৰ লগত সাঁতমহীয়া কেঁচুৱাটিও বৰ্তমান কোৱাৰেন্টাইন হৈ আছে। অবুজ কেঁচুৱাটিয়ে পিয়াহত মাতৃক বিচাৰি হাহাকাৰ কৰি ঘনে প্ৰতি কান্দিছে। কিন্তু তাৰ মাতৃক যে তাৰ কাষৰ পৰা কাল ক’ৰনাই চিৰ দিনৰ বাবে কাঢ়ি লৈ গ'ল। কোনোদিন উভটি নহা পথেৰে তাৰ মাক অজান দেশলৈ গুচি গ'ল। অতি এক মৰ্মান্তিক দুখজনক পৰিস্থিতি। যি দৃশ্য দেখিলে প্ৰতিজন হৃদয়বান লোকৰ দুচকু সেমেকি উঠিব।
 
এনে অৱস্থাত দুৰ্ভগীয়া কেচুৱাটিৰ কাষত থিয় দিয়ে নাগিনীজান চটাই চাহ-বাগিছাৰ প্ৰাক্তন ছাত্ৰ নেতা তথা সমাজকৰ্মী মহেন্দ্ৰ তাঁতীৰ পত্নী জ্যোতি কুশল দাস। নমহীয়া এটি সন্তানৰ মাতৃ জ্যোতি কুশল দাসে কেঁচুৱাটিৰ পিয়াহ গুচাবলৈ বুকুৰ দুগ্ধ আগবঢ়াই দিয়া লগতে ডেৰবছৰ পৰ্যন্ত লালন পালনৰ সকলো দায়িত্ব গ্ৰহণ কৰে। মাতৃ গৰাকীয়ে কেঁচুৱাটিক কোলাত লৈ দীৰ্ঘ সময় ধৰি দুগ্ধ পান কৰোৱা দৃশ্যই উপস্থিত সকলোকে অভিভূত কৰি তোলে। জ্যোতি কুশল দাস প্ৰত্যাশা নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ সম্পাদিকা। মাতৃ গৰাকীৰ এই মহানুভৱতাক সকলোৱে শলাগ লোৱা লগতে জটিল সময়ত এইয়া মানৱতাৰ এক উৎকৃষ্ট নিৰ্দশন বুলি অভিহিত কৰিছে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।