অখিল গগৈক বিনাদোষত জে'লত ভৰাই থোৱাৰ বাবে বিগত প্ৰায় দুটা বছৰে ধনজিৎ বৰ্মনে দাড়ি-চুলি নাকাটি কৰি গৈছিল প্ৰতিবাদঃ আজি আনুষ্ঠানিকভাৱে ভংগ কৰিলে এই প্ৰতিবাদ

 07/24/2021 - 13:59
 
 
পূৱ বৰপেটাঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজৰ দলৰ সাংগঠনিক সম্পাদক ধনজিৎ বৰ্মন। সৰ্থেবাৰীৰ লচিমাৰ এইগৰাকী ধনজিৎ বৰ্মনে তেওঁৰ প্ৰিয় নেতা অখিল গগৈক জে'লত ভৰাই থোৱাৰ বাবে নিজৰ দাড়ি-চুলি নকটাৰ লৈছিল সংকল্প। যেতিয়ালৈকে অখিল গগৈক মুকলি কৰি দিয়া নহ'ব তেতিয়ালৈকে চুলি-দাড়ি নকটাৰ সংকল্প লৈ বিগত প্ৰায় দুটা বছৰে এইদৰে ভোবোকাৰ দাড়ি-চুলিৰে ফুৰিছিল সাংগঠনিক কাম কৰি।
 
আৰু ইতিমধ্যেই জে'লৰ পৰা অখিল গগৈ মুকলি হোৱাত আনন্দিত হৈ আজি আনুষ্ঠানিকভাৱে নিজৰ দাড়ি-চুলি কাটি প্ৰতিবাদৰ সামৰণি কৰিলে। এই প্ৰতিবাদস্থলীত উপস্থিত হৈ সৰুক্ষেত্ৰীৰ ৰাইজৰ দলৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক পৰেশ ভূঞা, মানব অধিকাৰ সংগ্ৰাম সমিতিৰ অধ্যক্ষ আদিত্য লহকৰ আদিয়ে ভাষণ প্ৰদান কৰে। আৰু এইদৰেই আজি নিজৰ দাড়ি-চুলি কাটি এইদৰে সমাপ্ত কৰিলে নিজৰ প্ৰতিজ্ঞা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।