নগাঁও জিলাৰ জুৰীয়াৰ তিনিচুকীয়া কাৱৈমাৰী মোক্তাৱ বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত মাৰপিটৰ ঘটনা

 07/24/2021 - 14:14
 
 
বটদ্ৰৱাঃ নগাঁও জিলাৰ জুৰীয়াৰ তিনিচুকীয়া কাৱৈমাৰী মোক্তাৱ বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত মাৰপিটৰ ঘটনা সংঘটিত হয়। ভেকচিনৰ বাবে শনিবাৰে শ শ লোকে ভিৰ কৰিছিল কেন্দ্ৰটোত। উক্ত ভেকচিন কেন্দ্ৰটোত উপলব্ধ ২০০ টা ভেকচিনৰ বিপৰীতে কেইবাশ লোক সমবেত হৈছিল। ভেকচিনৰ কুপন লবলৈ সমবেত লোকসকলৰ মাজত সৃষ্টি হয় হেতাওপৰা।
 
ক’ভিড বিধি সম্পূৰ্ণ উলংঘা কৰি প্ৰচণ্ড ৰ'দ আৰু গৰমৰ মাজত দীঘলীয়া শাৰী পাতি থকা লোকসকলে সৃষ্টি কৰে প্ৰচণ্ড হেচা-ঠেলা। এক বিশৃংখল পৰিস্থিতিৰ মাজতে ঠেলা হেচাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়। উক্ত ঘটনাত নবী হুছেইন নামৰ লোকজনৰ লগতে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।