জামুগুৰিহাটৰ কন্যকা কৃষি পামত চিকিৎসক, স্বাস্থ্যকৰ্মীক সম্বৰ্ধনা বিধায়ক পদ্ম হাজৰিকাৰ

 07/24/2021 - 15:37
 
 
 
 
জামুগুৰিহাটঃ ক’ৰণা মহামাৰীৰ পৰা আমি নিজক সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে সকলো চৰকাৰী বিধি আমি মানি চলিব লাগিব৷ আমি প্ৰতিটো মূহুৰ্ত্বতে সজাগ সচেতন হৈ থাকি ক’ৰণা মহামাৰীক জয় কৰিব লাগিব৷ আমি নিজে সুৰক্ষিত থাকি আনকো সুৰক্ষিত কৰি ৰাখিব লাগিব৷ এই মন্তৱ্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷ জীয়া ভৰলী কন্যকা কৃষি পামত উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডা° ৰূপক বৰুৱাকে প্ৰমুক্ষে কৰি কেইবাগৰাকী চিকিৎসাকৰ্মী, নাৰ্ছক একোখনকৈ বিহুৱানৰে আদৰণি জনাই বিধায়ক গৰাকীয়ে কয়- এই সকল চিকিৎসক, চিকিৎসাকৰ্মীৰ বাবেই আমি নিজক সুৰক্ষিত কৰি ৰাখিব পাৰিছো৷
 
নিজৰ মানুহ, পৰিয়ালক ঘৰত থৈ এইসকল চিকিৎসক চিকিৎসাকৰ্মীয়ে দিনে-নিশাই ৰাইজৰ যি সেৱা কৰি আহিছে সেইয়া কৃতজ্ঞতাৰ পাত্ৰ৷ এই মহান যোদ্ধাসকলক ভগৱানে অধিক শক্তি প্ৰদান কৰক বুলিও মন্তৱ্য কৰে বিধায়ক গৰাকীয়ে৷ উল্লেখ্য যে পুৱা জীয়া ভৰলী কন্যকা কৃষি পামত সদা ব্যস্ত হৈ থকা কৃষি পামৰ বিষয়া-কৰ্মচাৰী, শ্ৰমিক সকলোকে ক’ভিডৰ ভেকচিনো প্ৰদান কৰে উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বিষয়া কৰ্মচাৰীসকলে৷ লগতে সমগ্ৰ কন্যকাৰ চৌহদত ছেনিটাইজেচনো কৰা দেখা গ'ল। অনুষ্ঠানটিৰ আঁতধৰে উত্তৰ ছিলাবন্ধা গাঁও পঞ্চায়তৰ সভাপতি জয়ন্ত বৰাই৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।