বালিপৰাত বিষাক্ত ফেটি সাপ উদ্ধাৰ সৰ্পবন্ধু সৌৰভ বৰকটকীৰ

 07/24/2021 - 16:04
 
 
 
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ বালিপৰাত এডাল বিষাক্ত ফেটি সাপ শুকুৰবাৰে উদ্ধাৰ কৰে তেজপুৰৰ প্ৰকৃতিপ্ৰেমী তথা সৰ্পবন্ধু হিচাপে খ্যাত সৌৰভ বৰকটকীয়ে। বালিপৰা নিবাসী তথা  প্ৰতিদিন টাইমৰ সাংবাদিক মিলন দাসে ফোনযোগে সৰ্পবন্ধু সৌৰভক জনায় যে তেওঁৰ ঘৰৰ হাঁহৰ গড়ালত এডাল বিষাক্ত ফেটি সাপ সোমাই দুটাকৈ হাঁহ ভক্ষণ কৰিছে৷ এই খবৰৰ ভিত্তিত সৌৰভে ততাতৈয়াকৈ বনকৰ্মী আৰু তেওঁৰ দলসহ আহি নিখুটভাবে বিষাক্ত ফেটিসাপটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
 
তাৰপিছত সৌৰভে তেওঁৰ দলৰ সহযোগত অতি কৌশলেৰ বিষাক্ত ফেটিসাপটো নি বালিপৰা বনাঞ্চলৰ মাজত বনকৰ্মীৰ উপস্থিতিত মুকলি কৰি দিয়ে। এই উদ্ধাৰ অভিযানত সৌৰভ বৰকটকীক ৰাজবল্লভ শৰ্মা আৰু সাংবাদিক দিপজ্যোতিৰ লগতে মিলন দাসেও বিশেষভাৱে সহায় সহযোগ কৰে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।