মৰিগাঁও জিলা ছাত্র সন্থাৰ প্ৰতিবাদী চাইকেল ৰেলি

 07/24/2021 - 16:22
 
মৰিগাঁওঃ ৰাজ্যজুৰি অব্যাহত আছে কৰ'ণাৰ দ্বিতীয় ঢৌৰ বিভীষিকাময় পৰিৱেশ। এই পৰিৱেশে ইতিমধ্যে জুৰুলা কৰিছে দেশ আৰু ৰাজ্যৰ অৰ্থনীতি। ইয়াৰ মাজতে হুৰাহুৰে বৃদ্ধি পাব ধৰিছে অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধন জাতীয় সামগ্ৰীৰ মূল্য।
 
আৰু এই মূল্যবৃদ্ধি ৰোধ কৰাৰ প্ৰতিবাদত আজি মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ পৰা এক চাইকেল সমদল বাহিৰ কৰা হয়। ৰাজ্যৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলোৱা মিনি লকডাউন অথবা কণ্টেইনমেন জ'নে ইতিমধ্যে বাধা হিচাপে থিয় দিছে বহুতৰ জীৱনত।
 
আৰু ইয়াৰ মাজতে ৰাজ্যত অব্যাহত আছে অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধন জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধি। আৰু ইয়াৰে প্ৰতিবাদত আজি মৰিগাঁও জিলা ছাত্র সন্থাই এক প্ৰতিবাদী চাইকেল ৰেলি বাহিৰ কৰে।
 
এই প্ৰতিবাদী চাইকেল ৰেলিত অংশ লয় সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি উৎপল শৰ্মা, সাংগঠনিক সম্পাদক নৱ কুমাৰ নাথ, জিলা ছাত্র সন্থাৰ সভাপতি দিপুল কুমাৰ নাথৰ লগতে জিলাৰ বিষয়ববীয়া সকল আৰু কাৰ্য্যকৰ্তাসকল।
 
এই প্ৰতিবাদৰ জৰিয়তে প্ৰতিবাদী ছাত্ৰ নেতাসকলে বিভিন্ন প্ৰতিবাদী ধ্বনিৰে উত্তাল কৰি তোলে মৰিগাঁৱৰ ৰাজপথ। প্ৰতিবাদৰ অন্তত কেন্দ্ৰীয় উপ সভাপতি উৎপল শৰ্মা আৰু জিলা সভাপতি দিপুল কুমাৰ নাথে সাংবাদিকৰ ওচৰত এনেদৰে কয়।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।