পাত্ৰ পুখুৰীপাৰ হাইস্কুলত ক’ভিড প্ৰতিষেধক শিবিৰ

 07/24/2021 - 17:32
 
 
 
বাহাৰঘাটঃ হাজো সমষ্টিৰ কঞাঁ বৰপূল্লা গাঁও পঞ্চায়তৰ অন্তৰ্গত পাত্ৰ পুখুৰীপাৰ হাইস্কুলত আজি এটি ক’ভিড প্ৰতিষেধক শিবিৰ অনুষ্ঠিত হয়৷ প্ৰথম আৰু দ্বিতীয় দুয়ো পালি প্ৰতিষেধক প্ৰদান কৰে শিবিৰটোত৷ মনকৰিবলগীয়া যে পুৱাৰে পৰা অজস্ৰ লোকে প্ৰতিষেধক লোৱাৰ বাবে শাৰী পাতি ভীৰ কৰা দেখা যায়৷
 
শিবিৰটো পৰিচালনা কৰাত স্থানীয় বাৰাংহাটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্যকৰ্মীসকলে সহযোগ কৰাৰ লগতে সকলো দিশতে পাত্ৰ পুখুৰীপাৰ হাইস্কুলৰ প্ৰধানশিক্ষক নৃপেন দাস আৰু কঞাঁ বৰপূল্লা গাঁও পঞ্চায়তৰ সভাপতি দীনেশ ভূঞাই তদাৰক কৰে৷ শিবিৰত বিজেপি উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি নন্দন তালুকদাৰ আৰু সম্পাদক গৌতম কলিতা, বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক কনক চন্দ্ৰ লহকৰসহ বহুতো জ্যেষ্ঠ লোকে প্ৰতিষেধক লোৱা দেখা গৈছে৷
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।