বিহালীৰ কেঁচা চাহপাতৰ কলঘৰ সমূহৰ মালিকসকলে হঠাৎ কেঁচা চাহপাত লোৱা বন্ধ কৰি দিয়াত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত হাহাকাৰ

 07/24/2021 - 17:57
 
 
 
 
 
 
বিহালীঃ আজি বিশ্বনাথ জিলা বিহালীৰ কেঁচা চাহপাতৰ কলঘৰ সমূহৰ মালিকসকলে হঠাৎ কেঁচা চাহপাত লোৱা বন্ধ কৰি দিয়াত কৃষকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । উল্লেখ্য যে আজি বহুদিন ধৰি কেঁচা চাহপাতৰ কলঘৰ সমূহৰ মালিকসকলে একচেটিয়া মুনাফা লাভৰ বাবে ষড়যন্ত্র কৰি কেঁচা চাহপাতৰ মূল্য ২৪ টকাৰ পৰা ক্ৰমান্বয়ে হ্ৰাস পোৱাই ১৪ টকা কৰে তাৰ পৰিপ্ৰেক্ষিতত যোৱাকালি বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ত  চাহ বৰ্ডৰ বিষয়ববীয়া লগতে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, বিহালী আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি সম্পাদক উপস্থিতিত্ব এক ত্রি পাৰ্ক্ষিক বৈঠক অনুষ্ঠিত হয়।
 
উক্ত বৈঠকত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উৎপাদিত চাহ পাতৰ মূল্য ( মিনিমাম bench mark price ) জিলা উপাযুক্তই ২৮ টকা ৭২ পইচা নিৰ্ধাৰণ কৰিবলৈ ভাৰতী চাহ বৰ্ডৰ বিষয়ববীয়াক এক নিৰ্দেশ প্ৰদান কৰে লগতে উক্ত নিৰ্দেশ পালন নকৰিলে কলঘৰ সমূহৰ অনুজ্ঞাপত্র বাতিল কৰাৰ এক কঠোৰ নিৰ্দেশ প্ৰদান কৰে আৰু এই নিদেশক বাঞ্চাল কৰিব কাৰণে কলঘৰ মালিকসকলে এক ষড়যন্ত্রত মিলিত হৈ আজি বিশ্বনাথৰ লগতে বিহালীৰ সকলো কলঘৰসমূহ মালিকসকলে বন্ধ ৰাখিছে। যাৰ ফলত আজি অঞ্চলতোৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল এক বৃহত লোকচানৰ সন্মুখীন হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।