জামুগুৰিহাটৰ বগাবিলত কন্যকাৰ আদৰ্শৰে দুজন যুৱকে দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শনঃ দুগ্ধ ফাৰ্মৰ জৰিয়তে পোহপাল দিছে পৰিয়াল

 07/24/2021 - 18:26
 
 
 জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বগাবিলত দুজন নিবনুৱা যুৱক ক্ৰমে পদুম কাৰ্কি আৰু প্ৰদীপ ঘিমৰেই দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা ভৰলীপৰীয়া কন্যকা কৃষি পামত থকা দুগ্ধ ফাৰ্মৰ আদৰ্শৰে টুপিয়া বগাবিলৰ দুজন নিবনুৱা যুৱকে আত্মসহায়ক গোটৰ নামত ঋণ লৈ ১৯ টা জাৰ্চি গৰুৰ ফাৰ্মৰ জৰিয়তে দুগ্ধ উৎপাদনৰে পৰিয়াল পোহপাল দিয়াৰ লগতে এক স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে।
 
তেওঁলোক হাজাৰজনৰ বাবে হৈ পৰিছে এক আদৰ্শ। নিবনুৱা যুৱক হিচাপে বহি:ৰাজ্যলৈ নগৈ নিজৰ ঘৰতে থাকি ঋণ লৈ এনেদৰেই নিজৰ কৰ্ম সংস্থাপনৰ বাট মুকলাইছে যদিও এই দুগৰাকী নিবনুৱা যুৱকে অনাগত দিনত চৰকাৰৰ পৰা আঁচনিৰ জৰিয়তে যিকোনো আৰ্থিক সাহাৰ্য্য পালে অধিক দুগ্ধ উৎপাদন কৰাৰো পৰিকল্পনা হাতত লৈছে বুলি আমাক জানিবলৈ দিয়ে। লকডাউনৰ সময়চোৱাত বৰ্তমান ৭০ লিটাৰ গাখীৰ কন্যকা দুগ্ধ ফাৰ্মত দিবলৈ সক্ষম হৈছে।
 
চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য্য পালে অনাগত দিনত মিন পালনৰ লগতে ছাগলী ফাৰ্ম খোলাৰো পৰিকল্পনা হাতত লোৱা হ'ব বুলি জানিবলৈ দিছে নিবনুৱা যুৱক দুজনে। পদুম কাৰ্কি আৰু প্ৰদীপ ঘিমৰেই ২০২০ চনৰ পৰাই শুভাৰম্ভ কৰিছিল উক্ত দুগ্ধ ফাৰ্মখন। উল্লেখ্য যে বহিঃৰাজ্যলৈ নগৈ এই দুগৰাকী শিক্ষিত নিবনুৱা যুৱকৰ এনে মহান পদক্ষেপ হাতত লোৱাৰ লগতে কৰ্ম সংস্থাপনৰ বাট মুকলাই লোৱাৰ বাবে অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।