বটদ্ৰৱা উন্নয়ন খণ্ডত MGNREGA আঁচনিৰ পথ নিৰ্মাণত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

 07/24/2021 - 18:41
 
 
 
 
 
বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা উন্নয়ন খণ্ডত MGNREGA আঁচনি ৰূপায়নত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম। উন্নয়ন খণ্ডটোৰ অধীনস্থ ওপৰ ডুমডুমীয়া গাঁও পঞ্চায়তত সংঘটিত হৈছে এই দুৰ্নীতি আৰু অনিয়ম। উল্লেখ্য যে, বালিসত্ৰ নতুন বজাৰৰ পৰা লেতেৰীপাৰ জাকিৰ হুছেইনৰ ঘৰলৈকে নিৰ্মাণ হ’বলগা পথটোৰ বাবে পুঁজি ধাৰ্য্য কৰা হৈছিল মুঠ ৯ লাখ ৭৫ হাজাৰ টকা। পঞ্চায়তটোৰ বিজেপি দলৰ এইজনী সভানেত্ৰী পূৰ্ণিমা দাসে এই পথছোৱা নিৰ্মাণত কেৱল, নাম মাত্ৰ কাম কৰিয়েই আঁচনিৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উখাপন কৰিছে স্থানীয় ৰাইজে।
 
অকল ইমানেই নহয়, জৱকাৰ্ড প্ৰাপ্ত শ্ৰমিকসকলক বঞ্চিত কৰি সভানেত্ৰী গৰাকীয়ে জৱকাৰ্ড প্ৰাপ্ত শ্ৰমিকৰ একাউণ্টত মজুৰি সোমোৱাৰ পৰিৱৰ্তে সভানেত্ৰী গৰাকীয়ে অতি কৌশলেৰে অন্য একাউণ্টৰ জৰিয়তে টকা উঠোৱাৰ অভিযোগ তুলিছে গঞা ৰাইজে। পথছোৱাৰ কামৰ নমুনা দেখিলে চকু কপালত উঠিব আপোনাৰো। ইফালে, এই পথছোৱাত ইতিমধ্যেই মাত্ৰ ৩০ ৰ পৰা ৪০ হাজাৰ টকাৰ কাম কৰিয়েই প্ৰায় কেইবা লক্ষাধিক টকা আদায় কৰাৰো গুৰুতৰ অভিযোগ উঠিছে বিজেপি সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে।
 
এই কামৰ দায়িত্বত থকা চৰকাৰী কনিষ্ঠ অভিযন্তা গৰাকীয়েও আজি পৰ্যন্ত পঞ্চায়তত উপস্থিত হৈ খবৰ লোৱাৰ বিপৰীতে বহি বহি চৰকাৰী দৰমহা উপভোগ কৰি আহিছে। এতিয়া প্ৰশ্ন হয়, কাৰ আৰ্শীবাদত বিজেপিৰ এইগৰাকী পঞ্চায়ত সভানেত্ৰীয়ে পঞ্চায়তখনত এনেধৰে দুৰ্নীতি কৰিবলৈ সাহস পাইছে? নে, বিজেপি দলৰ সভাপতি হোৱাৰ সুযোগ গ্ৰহণ কৰিয়েই এনেদৰে চলাই গৈছে দুৰ্নীতি আৰু অনিয়ম? সেয়া এক কোটি টকীয়া প্ৰশ্ন? 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।