টীয়কৰ দেৱালত লাভলিনা বৰগোঁহাইলৈ শুভেচ্ছা জনাই ফটো অংকন

 07/24/2021 - 19:12
 
 
টীয়কঃ টকিঅ অলিম্পিকত উত্তৰ-পূব তথা সমগ্ৰ দেশকে গৰ্বিত কৰি মীৰা বাঈ ছানুৱে ৰূপৰ পদক লাভ কৰাত উৎফুল্লিত টীয়কবাসী। ইফালে অসমৰ জীয়াৰী লাভলীনা বৰগোহাঁইয়ে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি ইতিমধ্যে Boxing ৰ প্ৰি-কোৱাটাৰ ফাইনেলত প্ৰৱেশ আনিছে আশাৰ বতৰা।
 
অসমৰ একমাত্ৰ মহিলা খেলুৱৈৰ তথা প্ৰথমবাৰৰ বাবে Boxing ত যোগ্যতা অৰ্জন কৰা গোলাঘাটৰ জীয়াৰী লাভলীনাৰ সাফল্যত উৎফুল্লিত হৈ টীয়কৰ মাজমজিয়াত আজি খেলুৱৈ গৰাকীৰ ফটো দেৱালত অংকন কৰি টীয়কবাসীৰ লগতে অসম প্ৰেমী যুৱ ছাত্র সমাজৰ কৰ্মকৰ্তাসকলে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অলিম্পিকত উন্নত প্ৰদৰ্শনৰে ভাল ফলাফল দেখুৱাব বুলি আশা প্ৰকাশ কৰে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।