ধুবুৰীৰ গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৪৮ নং বি এন চি আৰ পি এফৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠনৰ ফালৰ পৰা বৃক্ষৰোপণ

 07/26/2021 - 11:22
 
 
 
গৌৰীপুৰঃ নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত যোৱাকালি ৪৮ নং বি এন চি আৰ পি এফৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠনৰ ফালৰ পৰা DARING ORGANISATION ৰ সহযোগত বৃক্ষৰোপণ কাৰ্য্যসূচী অনুষ্ঠিত হয়।
 
মানুহৰ বৰ্দ্ধিত চাহিদাৰ কাৰণে আজি ব্যাপক হাৰত গছ-গছনি ধ্বংসৰ সম্মুখীন হৈছে। ফলত প্ৰকৃতি ভাৰসাম্য দিনক-দিনে হেৰুৱাইছে আৰু নানা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাই আহিছে। সুস্থ জীৱন-যাপনৰ বাবে প্ৰদূষণমুক্ত সুস্থ পৰিৱেশ একান্ত প্ৰয়োজন। প্ৰদূষণমুক্ত সুস্থ পৰিৱেশ গঠনত বৃক্ষৰোপণ আৰু সংৰক্ষণৰ ভুমিকা উল্লেখযোগ্য।
 
এই উদ্দেশ্য আগত ৰাখি যোৱাকালি এই বৃক্ষৰোপণ কাৰ্যসূচী ৪৮ নং চি আৰ পি এফৰ ইন্চপেক্টৰ বীৰেন্দৰ যাদৱৰ নেতৃত্বত আৰু চি অ' এছ এইচ এছ ৰিজবীৰ উপস্থিতিত ৰাতিপুৱা ১০ বজাত শুভাৰাম্ভ কৰা হয়। কাৰ্য্যসূচী মতে প্ৰায় দুশটা গছপুলি ৰোপণ কৰা হয় ৷
 
এই কাৰ্য্যসূচী যোৱাকালি সমগ্ৰ ভাৰতবৰ্ষতে ৰূপায়ণ কৰা হৈছে। আমাৰ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ইন্চপেক্টৰ বীৰেন্দৰ যাদৱে কয় যে গছ থাকিলেহে মানুহে অক্সিজেনৰ অভাৱ নোহোৱাকৈ জীয়াই থকাটো সম্ভৱ। সেয়েহে গছ-গছনি ৰোপণ আৰু সংৰক্ষণ কৰি ৰখাটো আমাৰ প্ৰথম উদেশ্য হোৱা উচিত।
 
উক্ত বৃক্ষৰোপণ কাৰ্যসূচীত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক ড° আমিনুৰ ইছ্লাম আৰু হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক ড° সম্ভু পাণ্ডে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।