এগৰাকী অংগনৱাড়ী সহায়িকাৰ কৰুণ জীৱন গাঁথা

 07/26/2021 - 11:53
 
 
 
 
কামপুৰঃ এগৰাকী সমাজ কল্যান বিভাগৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অংগনৱাড়ী সহায়িকা। ১৯৯৬ চনতে ২০০টকাৰে চাকৰী জীৱন আৰম্ভ কৰি এতিয়া বেতনৰ নামত পাই মাথোন ২২৫০টকা। মানৱ সম্পদ গঢ় দিবলৈ কণ কণ শিশুসকলৰ বাবে দিনৰ দিনটো কাম কৰা এইসকলৰ থাকিবলৈ এটা ভাল কাপোৰ নাই। ইয়াৰ এক জলন্ত উদাহৰণ কঠিয়াতলী সংহত শিশু প্ৰকল্গৰ ২১৫ নং উত্তৰ আমেৰী অংগৱাড়ী কেন্দ্ৰৰ সহায়িকা বন্দিতা দত্ত। দত্তই চাৰিটা বছৰে কৰ্মী গৰাকী নথকাৰ অকলেই কেন্দ্ৰটোৰ পৰিচলনা কৰি আছে। নগাঁও জিলাৰ কঠিয়াতলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ ২১৫ কেন্দ্ৰত এগৰাকী স্থায়ী কৰ্মীৰ নিযুক্তি দিয়াৰ দাবী কৰিছে স্থানীয় ৰাইজে।
 
উল্লেখ্য যে এই কেন্দ্ৰটোৰ কৰ্মী গৰাকীয়ে ২০১৭ চনত অব্যাহতি লৈছিল আৰু তেতিয়াৰ পৰাই সহায়িকা শিক্ষিতা বন্দিতা দত্তই কৰ্মী আৰু সহায়িকা দুয়োটা পদৰে কৰি আহিছে। অতি দৰিদ্ৰ পৰিয়ালৰ ১৯৯৬ চনতে নিযুক্তি লাভ কৰিছিল বন্দিতা দত্তই। উল্লেখ্য যে নিজৰ পৰিয়ালৰ কথা চিন্তা নকৰি অঞ্চলটোৰ কন কন শিশু সকলৰ দিনটোৰ সকলো সময় পাৰ কৰা বন্দিতা দত্তৰ থাকিবলৈ এটা ভাল ঘৰৰো অভাৱ।সেয়ে ৰাইজে দত্তক পদোন্নতি দি কৰ্মী পদত নিযুক্তি দিয়াৰ বাবে দাবী জনাইছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।