নগাঁও জিলাৰ জুৰীয়া সুঁতিৰপাৰত কৰ্তব্যৰত বনকৰ্মীৰ ওপৰত দলবদ্ধ আক্ৰমণ চোৰাং মাছমৰীয়াৰঃ আহত বনকৰ্মীৰ

 07/26/2021 - 11:59
 
 
 
বটদ্ৰৱাঃ যোৱা কালি নিশাৰ ভাগত নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যত কৰ্তব্যৰত বনকৰ্মীৰ ওপৰত চোৰাং মাছমৰীয়াৰ দলবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হয়। জুৰীয়াৰ সুঁতিৰপাৰ স্থিত ৰৌমাৰী বিলৰ পাৰত টহলদাৰী বনকৰ্মীৰ দল এটাৰ ওপৰত ভয়াৱহ আক্ৰমণ চলাই চোৰাং মাছমৰীয়া এটা দলে। চোকা অস্ত্ৰৰে সু-সজ্জিত হৈ চোৰাং মাছমৰীয়াই চলাইছিল এই আক্ৰমণ।
চোৰাং মাছমৰীয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৩ জনকৈ বনকৰ্মীৰ লোক।
 
গুৰুতৰভাৱে আহত হৈছে প্ৰৱণ কুমাৰ শৰ্মা নামৰ বনকৰ্মীজন। তিনিওজন আহত বনকৰ্মীক লগে লগেই দগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয়। দিনৰ ভাগত ডাঙৰ জাল লৈ মাছমৰীয়া সকলে মনে মনে বিলত মাছ মৰাত খেদি পঠিয়াইছিল বন বিভাগে৷ যাৰ ফলত চোৰাং মাছমৰীয়াৰ দলে  নিশা সুযোগ বুজি আক্ৰমণ চলাই বনকৰ্মীৰ ওপৰত। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ জুৰীয়া অঞ্চলত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।