লাহৰীঘাটত চাঞ্চল্যকৰ ঘটনাঃ ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী মহিলাক ধৰ্ষণৰ অপচেষ্টা লম্পট যুৱকৰ

 07/26/2021 - 12:09
 
 
 
লাহৰীঘাটঃ লাহৰীঘাট থানাৰ অন্তৰ্গত দাতিয়ালবড়ী গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ নিশা এগৰাকী মহিলাক ৰাজিকুল ইছলাম নামৰ লম্পট যুৱকজনে ধৰ্ষণ কৰিবলৈ চেষ্টাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে। মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত ওচৰ-চুবুৰীয়াৰ লগতে মহিলা গৰাকীৰ স্বামী আহি যুৱকজনক ধৰি বান্ধি ৰাখে। তেনে সময়তে ঘটনাস্থলীত আবিৰ্ভাৱ হয় কেইজনমান দালাল।
 
এই দালালে লম্পট যুৱকজনক আৰক্ষীৰ হাতত চমজাই দিয়াৰ পৰিবৰ্তে লম্পট যুৱকজনৰ পৰা ধন লৈ যুৱকজনক এৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা গৰাকীৰ লগতে একাংশ স্থানীয় ৰাইজে। ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত মহিলা গৰাকীয়ে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। লাহৰিঘাট আৰক্ষীয়ে লম্পট যুৱকজনৰ লগতে দালাল ৰূপী মতাব্বৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষ্যণীয় হ'ব?
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।