জামুগুৰিহাটৰ ইটাখোলাত অঘটনঃ এজন যুৱকে হানি-খুচি এগৰাকী মহিলাক হত্যা কৰি নিজে আত্মহননৰ চেষ্টা

 07/26/2021 - 12:20
 
 
 
 
 জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলাত নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড৷ কৰণ গৰ্জু নামৰ এজন যুৱকে চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰে মনিকা তাতি নামৰ এগৰাকী মহিলাক৷ জঘন্য হত্যাকাণ্ডটো সংঘটিত কৰাৰ পিছতে নিজেও আত্মহত্যা কৰাৰ চেষ্টা চলায় কৰন গৰ্জুৱে৷ ইটাখোলা আৰক্ষী চকীৰ অধিনৰ হোকাজানত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয়৷ হত্যাকাৰী কৰনক আৰক্ষীয়ে আটক কৰি নি বিশ্বনাথ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰাৰ কথা জানিব পৰা গৈছে৷ আৰক্ষীয়ে মনিকা তাতিৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা  কৰিছে৷ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।