গোলাঘাটত আৰক্ষীৰ অভিযানঃ ড্ৰাগছ, চিৰিঞ্জসহ এজন অভিযুক্তক আটক

 07/26/2021 - 12:36
 
 
গোলাঘাটঃ গোলাঘাটৰ চন্দন নগৰত আজি আৰক্ষীয়ে এজন লোকৰ ঘৰত তালাচী চলাই বহুপৰিমাণৰ ড্ৰাগছৰ লগতে ৰূপৰ জোতা উদ্ধাৰ কৰে৷ দেবেন বৰদলৈৰ ঘৰত আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই তন্ন তন্নকে চলোৱা তালাচীৰ অন্ত ড্ৰাগচ আৰু চিৰিঞ্জৰ লগতে এপাত ৰূপৰ জোতা জব্দ কৰে৷
 
দেৱেন বৰদলৈৰ বৰপুত্ৰ জনাৰ্দন বৰদলৈ ড্ৰাগছ আসক্ত আছিল৷ আৰক্ষীৰ অভিযানৰ সময়তে জনাৰ্দ্দন বিচনাত ঢলি পৰিছিল যদিও কিছুসময়ৰ পিছত সুস্থ হৈ পৰে৷ কুখ্যাত ড্ৰাগছ বেপাৰী জজৌৰ সহযোগী হিচাপে জনাজাত জনাৰ্দন বৰদলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।