আৰক্ষীলৈ বাট নাচাই এইবাৰ জুৱাখেল বন্ধ কৰিবৰ বাবে ওলাই আহিল ধিঙৰ কান্ধুলিমাৰিৰ শতাধিক ৰাইজৰ লগতে স্থানীয় আমছু কৰ্মী, পাঁচখনকৈ মটৰ চাইকেলসহ ছয়জনকৈ জুৱাৰীক আটক

 07/26/2021 - 13:20
 
 
বটদ্ৰৱাঃ নগাঁও জিলাৰ ধিঙৰ নৈপৰীয়া অঞ্চলত এইবাৰ জুৱাৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ। ৰাইজৰ উগ্ৰ ৰূপ দেখি জুৱাৰীয়ে জাপ দিলে ব্ৰহ্মপুত্ৰ নদীত। ধিঙৰ কান্ধুলিমাৰিত দৌৰাই দৌৰাই ৰাইজ আৰু আমছু কৰ্মীয়ে আটক কৰিলে জুৱাৰীক। উৎখাত কৰিলে জুৱাৰ ঘাটি। এইবাৰ আৰক্ষীয়ে নহয় ৰাইজে দৌৰাই দৌৰাই আটক কৰে জুৱাৰীক। জব্দ কৰিলে পাঁচখনকৈ মটৰ চাইকেলসহ জুৱা খেলত ব্যৱহাৰিত সামগ্ৰী আৰু আটক কৰে ছয়জনকৈ জুৱাৰীক।
 
আৰক্ষীলৈ বাট নাচাই এইবাৰ জুৱাখেল বন্ধৰ বাবে ওলাই আহিল ধিঙৰ কান্ধুলিমাৰি শতাধিক ৰাইজৰ লগতে স্থানীয় আমছু কৰ্মী। দীৰ্ঘদিন ধৰি চলি অহা এই জুৱা খেল বন্ধ কৰিবলৈ ধিং আৰক্ষীক ৰাইজে বাৰম্বাৰ অভিযোগ দি আহিছিল যদিও আৰক্ষীয়ে কোনো কেৰেপ কৰা নাছিল। আৰু অৱশেষত আৰক্ষীয়ে উৎখাত কৰিব নোৱাৰা জুৱাখেল দেওবাৰে নৈপৰীয়া অঞ্চলটোৰ ৰাইজে উৎখাত কৰিবলৈ সক্ষম হয়। ৰাইজে আটক কৰা এই জুৱাৰী কেইটাক ধিং আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়ে কৰিব নোৱাৰা কাম ৰাইজে কৰি দেখুৱালে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।