ডুমডুমাত পুনৰ দুখন অবৈধ কাঠ ভৰ্তি বাহন জব্দ

 07/26/2021 - 14:37
 
 
 
 
ডুমডুমাঃ অৰুনাচলৰ পৰা ডুমডুমা হৈ অবৈধ কাঠৰ সৰবৰাহ অব্যাহত থকাটো পুনৰ পোহৰলৈ আহিছে| দেওবাৰে নিশা ডুমডুমা আৰক্ষীৰ এটা দলে ডুমডুমা বাইপাচত টহল দি থকা সময়ত কাঠ বোজাই কৰি মাকুম দিশে গৈ থকা দুখন বাহন জব্দ কৰে|
 
আৰক্ষীয়ে বাহন দুখন বনবিভাগক চমজায় দিয়ে যদিও প্ৰশ্ন হৈছে যে অবৈধ কাঠ-কুণ্ডা সৰবৰাহৰ বাতৰি সংবাদ মাধ্যমত অহৰহ পৰিৱেশন হৈ থকা স্বত্তেও অৰুনাচলৰ পৰা ডিৰাকগেট হৈ অসমত প্ৰৱেশ কৰা অবৈধ কাঠ সৰবৰাহ কৰা বাহনসমূহ কি দৰে হেলাৰঙে ডুমডুমা বন সংমণ্ডলৰ কেইবাটাও গেট পাৰ হৈ আহিব পাৰিছে?
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।