লাহৰীঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী

 07/26/2021 - 15:35
 
 
লাহৰীঘাটঃ মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ভূৰাগাঁও নগাঁও সংযোগী পথত ট্ৰেক্টৰ আৰু বাইক আৰোহীৰ মাজত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাৰ ফলত বাইক আৰোহীজন থিতাতে নিহত হয়। বাইক আৰোহীজন লাহৰীঘাটৰ চেতুৱাই খাইতি গাঁৱৰ ছাহজাহান আলী বুলি চিনাক্ত কৰা হৈছে। ছাহজাহান আলী ৰজাগাধোৱা গাঁও পঞ্চায়তত কৰ্মৰত আছিল।
 
দুৰ্ঘটনাগ্ৰস্ত বাহনৰ নাম্বাৰ AS21C9134 আৰু বাইক খনৰ নাম্বাৰ AS21H4810 ঘটনাৰ বিৱৰণি মৰ্মে, বাইক আৰোহীজন লাহৰীঘাটলৈ আহি থকা অৱস্থাত ট্ৰেক্টৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় যদিও ততাতৈয়াকৈ লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ অনা‌ হয়। চিকিৎসকে মৃত বুলি ঘোষণা কৰে। উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।