জামুগুৰিহাটৰ নদুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যালয় চৌহদত থকা এটা পুখুৰীত বিধায়ক পদ্ম হাজৰিকাৰ আদৰ্শৰে মাছৰ পোনা মুকলি কৰে নদুৱাৰ উন্নয়ন খণ্ড বিষয়া পলক কুমাৰ শৰ্মাই

 07/26/2021 - 15:59
 
 
 
জামুগুৰিহাটঃ ক’ৰণাকালত জনজীৱন স্তব্ধ হৈ পৰাৰ সময়ত জৱকাৰ্ডৰ জৰিয়তে জীৱন জীবিকাৰ পথ প্ৰশষ্ট কৰিছে নদুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ে৷ প্ৰায় সংখ্যক হিতাধিকাৰীক জৱকাৰ্ডৰ জৰিয়তে কৰ্ম সংস্থাপনৰ সুবিধা দিছে উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ে৷ ইয়াৰোপৰি উন্নয়নখণ্ডটোৰ প্ৰতিটো পঞ্চায়তৰ প্ৰতিটো ওৱাৰ্ডলৈ গৈ ৰাইজৰ অৰ্থনৈতিক সমস্যাৰ বুজ লোৱাৰ লগতে গাঁওসমূহৰ ইচ্ছুক ব্যক্তিক মাছ পোহ-পালনৰ জৰিয়তে উপকৃত হব পৰাকৈ আঁচনি প্ৰস্তুত সন্ধৰ্ভত আলোচনা কৰে৷ ইতিমধ্যে এই আচঁনিৰ আজি শুভ উদ্ধোধনো কৰে খণ্ড উন্নয়ন বিষয়া পলক শৰ্মাই ৷
 
জামুগুৰিহাটৰ নদুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যালয় চৌহদত থকা এটা পুখুৰীত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ আদৰ্শৰে প্ৰায় ১ কুইন্টেল মাছৰ পোনাৰ লক্ষ্যৰে আজি ৪০ কেজি মাছৰ পোনা মুকলি কৰি এতিয়াৰে পৰা প্ৰতিখন গাঁৱৰ সুবিধাজনক পুখুৰীত মাছ পোহ-পালনৰ সুবিধা প্ৰদান কৰা হব বুলি মন্তৱ্য কৰে নদুৱাৰ খণ্ড উন্নয়ন বিষয়া পলক শৰ্মাই৷ ক’ৰণা মহামাৰীৰ সময়চোৱাত উন্নয়নখণ্ডৰ কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীসকলে ৰাইজক যি ধৰণে সেৱা আগবঢ়ালে সেইয়া সদায় স্মৰণীয় হৈ থাকিব বুলিও মন্তব্য কৰি খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে আৰু কয় যে লকডাউনৰ সময়চোৱাত দৰিদ্ৰলোকে জীৱন অতিবাহিত কৰিবলৈ বহু সমস্যাত পৰিছে তেনে সময়তে শোণিতপুৰ জিলাৰ ভিতৰতে নদুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা এমজিএনৰেগা আঁচনিসমূহ জব কাৰ্ডৰ জৰিয়তে প্ৰতিটো পঞ্চায়তত প্ৰায় ৭ কোটি টকাৰ মজুৰি লাভ কৰিবলৈ সক্ষম হৈছে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।