জামুগুৰিহাটৰ খেৰবাৰীৰ ঠাণ্ডা পানীৰ উহঁ সংৰক্ষণৰ দাবীঃ ঐশ্বৰিক শক্তিৰ জ্ঞান কৰি উহঁৰ পানীত স্থানীয় ৰাইজৰ পূজা-অৰ্চনা

 07/26/2021 - 16:58
 
 
 
 
 
জামুগুৰিহাটঃ গোলাঘাটৰ গৰম পানীৰ উহঁৰ লেখিয়াকৈ ঠাণ্ডা পানীৰ উহঁৰে বিখ্যাত হৈ পৰিছে জামুগুৰিহাটৰ খেৰবাৰীৰ বুৰবুৰি অঞ্চল৷ ঠাণ্ডা পানীৰ উহঁৰ বাবেই তথা বুৰ বুৰকৈ পানী ওলাই থকা বাবেই অঞ্চলটোৰ নাম বুৰবুৰি হোৱা বুলি জানিব পৰা গৈছে৷ মাটিৰ পৰা নিগৰি নিগৰি ওলাই থকা পানীৰ উহঁটোত বৃটিছৰ দিনত দুটামান পকাৰ ৰিং লগাই দিয়া হৈছিল যদিও সেইয়াও সম্প্ৰতি জহি-খহি গৈছে৷
 
উহঁটোৰ পৰা বৈ অহা পানীত প্ৰবিত্ৰ জ্ঞান কৰি ইয়াৰ নিকটবৰ্ত্তী ৰাইজে কৃতকৰ্ম, শ্ৰাদ্ধ, বিভিন্ন মাংগলিক অনুষ্ঠান আদি কৰি আহিছে৷ বহুলোকে এই উহঁটোক ঐশ্বৰিক জ্ঞান কৰি পূজা-অৰ্চনা কৰি অহাও পৰিলক্ষিত হৈছে৷ স্থানীয় ৰাইজৰ দাৱী যুগ যুগ ধৰি এনেকৈ অনাদৃত হৈ পৰি থকা ঠাণ্ডা পানীৰ উহঁটো সংৰক্ষণ কৰি চৰকাৰে সজাই পৰাই তুলিলে পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।