কামৰূপৰ জাপিয়াৰ বোৱাৰীক ভাড়াঘৰত ডিঙি চেপি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

 07/26/2021 - 17:46
 
 
বাহাৰঘাটঃ অমিনগাঁৱৰ গৌৰীপুৰত জঘন্য ঘটনা। ভাড়াঘৰত ভাড়া কৰি থকা জাপিয়াৰ বোৱাৰী এজনীক ডিঙি চেপি হত্যাৰ অভিযোগ। বোৱাৰী গৰাকীৰ নাম ঋতু দাস। ঘৰ হাজো থানাৰ অন্তৰ্গত জাপিয়া গাঁৱত। উল্লেখযোগ্য ঋতু দাস নামৰ বোৱাৰী গৰাকী গৌৰীপুৰত কোম্পানীত কৰ্মৰত আছিল।
 
গৌৰীপুৰতে ভাড়া ঘৰ লৈ বসবাস কৰিছিল ঋতু। নাটকীয়ভাৱে নিশা পৰিয়াললৈ ঋতুৱে আত্মহত্যা কৰা বুলি ফোন আহে। তাৰ পিছত হুৱাদুৱা লাগে ঋতুৰ পৰিয়ালৰ মাজত। আনহাতে ঋতুক ডিঙি চেপি হত্যা কৰা বুলি দাবী উত্থাপন পৰিয়ালৰ। ভাড়াঘৰৰ মালিকৰ সৰু ভায়েকজন আৰু সম্বন্ধীয় ভায়েক এজন জড়িত থকাৰ অভিযোগ ঋতুৰ পৰিয়ালৰ। গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰিছিছিল যদিও আৰক্ষীয়ে ঋতুৰ পৰিয়লক দুৰ্ব্যহাৰ অভিযোগ।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।