বি টি আৰৰ দেবীতোলাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত ৪

 07/27/2021 - 12:09
 
 
গৌৰীপুঃ বি টি আৰৰ পৰ্বতঝোৰাৰ কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দেবীতোলা গড়কপ্তানি পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ এখন বাইক আৰু ই ৰিক্সাৰ মাজত হৈছে এই পথ দুৰ্ঘটনা৷ মুখামুখি সংঘৰ্ষৰ ফলত চাৰিজনকৈ লোক গুৰুতৰভাবে আহত হৈছে। সোমবাৰে বিয়লি তিনি মান বজাত নম্বৰ প্লেটবিহীন বাইকখন তীব্ৰ গতিত কাজিগাঁও অভিমুখে গৈ থকা অৱস্থাত দেবীতোলাৰ পৰা শুপাৰীঘাট অভিমুখে আহি থকা ই ৰিক্সাৰে হোৱা মুখামুখি সংঘৰ্ষত শান্তিপুৰ আৰু বৰভিটা গাঁৱৰ চাৰিজনকৈ লোক গুৰুতৰভাবে আহত হয়।
 
আহত লোককেইজন হৈছে ক্ৰমে , নুৰ উদ্দিন (৩০) ,চহিদ আলী (২৫), জহিৰুল ইছলাম (৩০) , আৰু চৰিফুল ইছলাম (২০) আহত লোককেইজনক লগে লগে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে চৰিফুল আৰু নুৰ উদ্দিনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ খৱৰ পোৱাৰ লগে লগে ঘটনাস্থলীত কাজিগাঁও আৰক্ষী থানাৰ আৰক্ষীৰ এটা সঁজাতী দল উপস্থিত হয়৷ উপস্থিতহৈ পথ দূৰ্ঘটনাৰ পৰিস্থিতিৰ বুজ লয় আৰু দুৰ্ঘটনাগ্ৰস্থ বাইকখনৰ লগতে ই- ৰিক্সাখন আৰক্ষী থানালৈ লৈ যায় ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।