আজি দেশক প্ৰতিনিধিত্ব কৰি টকিঅ' অলিম্পিকৰ ৰিঙত নামিব লাভলীনা বৰগোঁহাই, অসমৰ প্ৰতিটো মঠ মন্দিৰত লাভলীনাৰ অলিম্পিক যাত্ৰাৰ সফলতা কামনা কৰি চলি আছে প্ৰাৰ্থনা

 07/27/2021 - 12:14
 
 
 বটদ্ৰৱাঃ আজি দেশক প্ৰতিনিধিত্ব কৰি টকিঅ' অলিম্পিকৰ ৰিঙত নামিব অসমকন্যা লাভলীনা বৰগোঁহাই। অসমৰ প্ৰতিটো মঠ মন্দিৰত লাভলীনাৰ অলিম্পিক যাত্ৰাৰ সফলতা কামনা কৰি চলি আছে প্ৰাৰ্থনা। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানটো আইমাতৄ সকলে কভিড প্ৰটকল ৰক্ষা কৰি লাভলীনাৰ সফলতা অৰ্জনৰ কামনাৰে আৰম্ভ কৰিছে নাম-কীৰ্তন। বটদ্ৰৱা থানৰ সিংহদ্বাৰৰ সন্মুখত পুৱাই বন্তি প্ৰজ্বলন কৰি নাম-কীৰ্তন কৰি আইমাতৄ সকলে প্ৰাৰ্থনা কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।