গোলাঘাটত দিন-দুপৰতে বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ

 07/27/2021 - 12:26
 
 
গোলাঘাটঃ মৃত লোকজন হ'ল গোলাঘাট মৰঙী চাহ বাগিচাৰ পাছকাল মোড়া। গোলাঘাট মৰঙী চাহবাগিচাৰ পৰা পোৰাবাংলালৈ বজাৰ কৰিব গৈছিল লোকজনে। পথৰ কাষেদি গৈ থকা অৱস্থাত পথৰ কাষৰ খাল এটাৰ পৰা উঠি আহি পথৰ মাজত বন্যহস্তীটোৱে পিছফালৰ আক্ৰমণ কৰে পাছকাল মোড়াক। আক্ৰমণৰ ফলত মৃত্যু ঘটে লোকজনৰ। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ মৰঙী, মুৰফুলনী, থুৰামোখ, ফলঙনী, নুমলীগড়ৰ বিভিন্ন অঞ্চলত দিনক-দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘা । বন্যহস্তীৰ খাদ্য অভাৱ তথা বনাঞ্চল ধ্বংসৰ ফলত এনে ঘটনাৰ সৃষ্টি হোৱা অভিযোগ ৰাইজৰ।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।